ETV Bharat / state

জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে সমাজৰ পৰা অৱহেলিত একাংশ লোকে

author img

By

Published : Apr 3, 2020, 7:08 PM IST

Updated : Apr 3, 2020, 8:17 PM IST

কেইগৰাকীমান ব্যতিক্ৰমী লোক
কেইগৰাকীমান ব্যতিক্ৰমী লোক

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাধাৰণ লোকৰ বাবে ভিন্ন জনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ সময়তে এলাগী হৈ ৰৈছে শিলচৰৰ এটা বস্তি অঞ্চল ৷ যি অঞ্চল এনে দুৰ্যোগৰ সময়তো চকুত পৰা নাই জনপ্ৰতিনিধি অথবা স্বাস্থ্য বিভাগৰ ৷ শুকুৰবাৰে এই বস্তি অঞ্চলৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কৰে শিলচৰৰ কেইগৰাকীমান কিন্নৰে ৷

শিলচৰ, 3 এপ্ৰিলঃ জনপ্ৰতিনিধি অথবা স্বাস্থ্য বিভাগৰ নজৰত নপৰা শিলচৰৰ এটা বস্তি অঞ্চল ৷ কৰ'ণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰা এনে ভয়াৱহ সময়ত জাৰি কৰা লক ডাউনে স্তব্ধ কৰিছে জনজীৱন ৷ হাহাকাৰ কৰিবলগীয়া হৈছে বহু দৰিদ্ৰ পৰিয়ালে ৷ যি সময়ত ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সাধাৰণ লোকৰ বাবে ভিন্ন জনে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে , তেনে সময়তে এলাগী হৈ ৰৈছে শিলচৰৰ এই বস্তি অঞ্চল ৷ আজিলৈ এই অঞ্চলত কৰ'ণা প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ আনকি এবাৰলৈও বস্তিবাসীৰ স্বাস্থ্যৰ বুজ ল'বলৈ অহা নাই স্বাস্থ্য বিভাগৰ লোক অথবা জনপ্ৰতিনিধি ৷ কিন্তু ইয়াৰ মাজতে মানবীয়তাৰ নিদৰ্শন দাঙি ধৰিলে সমাজৰ পৰা বিচ্ছিন্ন হৈ থকা একাংশ লোকে ৷ যি সকলক আপুনি মই চিনি পাওঁ কিন্নৰ হিচাপে ৷

বস্তি অঞ্চলৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কেইগৰাকীমান কিন্নৰৰ
বস্তি অঞ্চলৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কেইগৰাকীমান কিন্নৰৰ

শিলচৰৰ এইসকল কিন্নৰে সামৰ্থ অনুসাৰে নিজৰ সাঁচতীয়া ধনেৰে বস্তি অঞ্চলৰ এইসকল লোকৰ মাজত বিতৰণ কৰিছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে আন নিত্য ব্যৱহাৰ্য সামগ্ৰী ৷ তাৰোপৰি সেইসকল লোকক কৰ'ণা ভাইৰাচ সম্বন্ধে সচেতনতা আৰু সাৱধানতা অবলম্বনৰো আহ্বান জনাইছে কিন্নৰসকলে ৷ এনে দুৰ্যোগৰ সময়ত এইসকল লোকে গ্ৰহণ কৰা এই পদক্ষেপ বাৰুকৈয়ে প্ৰশংসনীয় ৷

কেইগৰাকীমান ব্যতিক্ৰমী লোক

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য

Last Updated :Apr 3, 2020, 8:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.