ETV Bharat / state

ৰংপুৰত বৰাক নৈৰ খহনীয়াত জাহ শতাধিক পৰিয়ালৰ ভেটি-মাটি

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 1:01 PM IST

Erosion in Assam
বৰাক নৈৰ ভয়াবহ খহনীয়া

Erosion in Assam: ৰংপুৰ মাঝৰগ্ৰামত বৰাক নৈৰ ভয়াবহ খহনীয়া । এতিয়ালৈ জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ । এই খহনীয়া প্ৰতিৰোধৰ বাবে দল-সংগঠনে জনাইছে দাবী ।

বৰাক নৈৰ ভয়াবহ খহনীয়া

শিলচৰ, ৬ জানুৱাৰী : কাছাৰ জিলাৰ ৰংপুৰ মাঝৰগ্ৰামত বৰাক নৈৰ ভয়াবহ খহনীয়াই শংকিত হৈছে । নৈৰ প্ৰৱল খহনীয়াৰ বাবে প্ৰায় শতাধিক পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে নৈৰ বুকুত । আনকি নৈৰ কাষত থকা মথাউৰিও জাহ গৈছে নৈৰ বুকুত । সেইবাবে আতংকিত হৈ পৰিছে গঞা ৰাইজ । ইয়াৰ পিচতো এতিয়ালৈ জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । নৈপৰীয়া গঞা ৰাইজে বৰাক নৈৰ ভয়ংকৰ খহনীয়াৰ তাণ্ডৱ দেখি আংতকিত হৈ পৰাৰ বিষয়ে বাতৰি পৰিৱেশন কৰাৰ পিছত সংশ্লিষ্ট বিভাগে গুৰুত্ব প্ৰদান কৰিব বুলি ৰাইজে ভাবিছিল যদিও এই পৰ্যন্ত গা-নলৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।

ইতিমধ্য়ে কেইবা হাজাৰ বিঘা কৃ্ষিভূমি আৰু বহু মূল্যবান গছ-গছনি নৈত বিলীন হৈ গৈছে । খহনীয়া ৰোধৰ বাবে চৰকাৰ-প্ৰশাসন তথা জলসম্পদ বিভাগে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ উজাৰে অঞ্চলবাসীয়ে । উল্লেখ্য যে যোৱা কেইবাবছৰ ধৰি কাছাৰৰ ৰংপুৰ মাঝৰগ্ৰামত বৰাক নৈৰ খহনীয়া অব্যাহত আছে । ফলত এই অঞ্চলটোৰ শতাধিক পৰিয়ালৰ মাটিসহ ঘৰদুৱাৰ নৈৰ বুকুত জাহ যোৱাত সেইসকল দুৰ্ভগীয়া পৰিয়ালে অন্য স্থানলৈ স্থানান্তৰিত হ'ব লগীয়া হৈছে । তথাপি চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে এইসকল দুৰ্ভগীয়া লোকৰ খবৰ লোৱা নাই ।

খহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে স্থানীয় বিধায়কসহ বিভাগীয় বিষয়াসকলক দাবী জনাই আহিছে যদিও কোনেও একো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে । শীঘ্ৰেই ভয়ংকৰ এই খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে স্থানীয় লোকসহ দল-সংগঠনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক এই সন্দৰ্ভত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:জাপানৰ ভূমিকম্পত নিহতলৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; জাপানৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.