ETV Bharat / state

চোৰাং কাঠ সৰবৰাহত সাঙুৰ খাইছে বনমন্ত্ৰীৰ নাম

author img

By

Published : Oct 4, 2020, 9:50 PM IST

দেওবাৰে পুৱাৰ ভাগত কাছাৰৰ মতিনগৰ থবালপুৰৰ এটা বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে স্থানীয় ৰাইজে ৷ জব্দকৃত কাঠখিনি বনমন্ত্ৰী পৰিমল শুক্লবৈদৰ বুলি বিস্ফোৰক মন্তব্য কৰে বাসগৃহটোৰ গৰাকী মনিয়া চাহুৱে ৷

Smuggled timber seized from a house at Thabalpur Cachar
চোৰাং কাঠ সৰবৰাহত সাঙুৰ খাইছে বনমন্ত্ৰীৰ নাম

কাছাৰ,4 অক্টোবৰ: কাছাৰ জিলাৰ মতিনগৰ থবালপুৰৰ এটা বাসগৃহৰ পৰা দেওবাৰে স্থানীয় ৰাইজে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ জব্দ হোৱা কাঠখিনি বনমন্ত্ৰী পৰিমল শুক্লবৈদৰ বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে বাসগৃহটোৰ গৰাকীয়ে ৷

মনিয়াৰখাল ফৰেষ্ট ৰেঞ্জৰ অধীনত থকা এলেকাত পুৱাৰ ভাগত মনিয়া চাহু নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা স্থানীয় ৰাইজে জব্দ কৰে প্ৰায় 500 CFT কাঠ ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদৰ কাঠ বুলি কৈ এগৰাকী বন বিষয়াই লোকজনৰ ঘৰত ৰাখিছিল কাঠখিনি ৷ সময়ে সময়ে কাঠখিনি তেওঁৰ ঘৰৰ পৰা বন বিভাগৰ কৰ্মীসকলে মন্ত্ৰীৰ ঘৰত লৈ যায় বুলিও লোকজনে সদৰি কৰে ৷

চোৰাং কাঠ সৰবৰাহত সাঙুৰ খাইছে বনমন্ত্ৰীৰ নাম

আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,বহুদিন ধৰি মনিয়াৰখাল ৰেঞ্জৰ অধীনত থকা ভূৱন সংৰক্ষিত বনাঞ্চলৰ পৰা বন মাফিয়াসকলে কাঠৰ সৰবৰাহ কৰি আহিছে । ইয়াৰ ভিত্তিতে তেওঁলোকে মনিয়া চাহু ঘৰত অভিযান চলাই মূল্যৱান কাঠখিনি জব্দ কৰে ৷ কিন্তু ফৰেষ্ট ৰেঞ্জ অফিচত খবৰ দিয়াৰ পাচতো এজনো বন বিভাগৰ এজন কৰ্মী উপস্থিত হোৱা নাই অৱশেষত তেওঁলোকে উপায়হীন হৈ কচুধৰম আৰক্ষীক খবৰ দিৰক্ষীৰ হাতত কাঠখিনি চমজাই দিয়ে ৷

লগতে পঢ়ক: পথৰ দাঁতিৰ জংঘলত নিমখৰ মাজত ৰাখি যোৱা নৱজাতক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.