ETV Bharat / state

ঐতিহাসিক সিদ্ধেশ্বৰ শিৱ মন্দিৰত পূণ্য বাৰুণী স্নান সম্পন্ন

author img

By

Published : Apr 10, 2021, 2:29 PM IST

Silchar_Baruni_Snan
ঐতিহাসিক সিদ্ধেশ্বৰ শিৱ মন্দিৰত পূণ্য বাৰুণী স্নান সম্পন্ন

সহস্ৰাধিক ভক্তৰ সমাৱেশেৰে বৰাক উপত্যকাৰ পূণ্যভূমি পাঁচগ্ৰাম ঠাণ্ডাপুৰৰ ঐতিহাসিক সিদ্ধেশ্বৰ শিৱ মন্দিৰত পূণ্য বাৰুণী স্নান সম্পন্ন হয় ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আয়োজন কৰা হয় বাৰুণী স্নানৰ কাৰ্যসূচী ৷

শিলচৰ,10 এপ্ৰিল: সহস্ৰাধিক ভক্তৰ সমাৱেশেৰে বৰাক উপত্যকাৰ পূণ্যভূমি পাঁচগ্ৰাম ঠাণ্ডাপুৰৰ ঐতিহাসিক সিদ্ধেশ্বৰ শিৱ মন্দিৰত পূণ্য বাৰুণী স্নান সম্পন্ন হয় ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আয়োজন কৰা হয় বাৰুণী স্নানৰ কাৰ্যসূচী ৷ শুকুৰবাৰে দোক-মোকালিৰে পৰা সিদ্ধেশ্বৰ কপিলাশ্ৰমত হাজাৰ হাজাৰ ভক্তই আহি অস্থি বিসৰ্জন কৰে ৷ বাৰণী স্নানৰ সময়সীমা কম থকাৰ কাৰণে বৃহস্পতিবাৰে নিশাৰ পৰাই ভক্তপ্ৰাণ ৰাইজে আহি মন্দিৰত উপস্থিত হয় ৷ বাৰুনী স্নান কৰি পূজা অৰ্চনা কৰে ভক্তসকলে ৷

silchar-baruni-snan
ঐতিহাসিক সিদ্ধেশ্বৰ শিৱ মন্দিৰত পূণ্য বাৰুণী স্নান সম্পন্ন

উল্লেখ্য় যে, ক‘ভিড প্ৰট‘কল পালন কৰিয়েই ভক্ত সকলে পৱিত্ৰ স্নান কৰাৰ লগতে পূজা অৰ্চনা কৰে ৷ চলিত বৰ্ষত বহিঃৰাজ্যৰ ভক্তৰ অহা যোৱাৰ বাবে পৰ্যাপ্ত ৰে’লৰ ব্যৱস্থা নথকা সত্তেও বহু ভক্ত আহি সিদ্ধেশ্বৰ শিবমন্দিৰত উপস্থিত হয় ৷ মন্দিৰ পৰিচালনা কমিটিয়ে শান্তি শৃংখলা বজাই ৰখাত সহায় কৰাৰ কাৰণে প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক: পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.