ETV Bharat / state

কাছাৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত আৰক্ষীৰ জোৱান

author img

By

Published : Jun 17, 2021, 2:07 PM IST

Police personal died in Road accident in Cachar
কাছাৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত আৰক্ষীৰ জোৱান

কাছাৰ জিলাৰ ৰংপুৰত শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষীৰ এজন জোৱান ৷ নিহত জোৱানজন সঞ্জয় গোৱালা বুলি জানিব পৰা গৈছে ৷

কাছাৰ, 17 জুন: কাছাৰৰ শিলচৰ-মণিপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ৰংপুৰত বুধবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন আৰক্ষীৰ জোৱান ৷ নিহত জোৱানজন সঞ্জয় গোৱালা বুলি জানিব পৰা গৈছে ৷ জোৱানজনে বুধবাৰে নিশা বাইকেৰে ৰংপুৰ আউট পোষ্টৰ পৰা শিলচৰ পুলিচ ৰিজাৰ্ভলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় আৰক্ষীৰ জোৱানজন ৷

উল্লেখ্য যে, নিহত জোৱানজন ৰংপুৰ আৰক্ষী পহৰা চকীত কৰ্মৰত হৈ আছিল ৷ নিহত জোৱানজনৰ ঘৰ কাছাৰ জিলাৰ ধোয়াৰবন্দত ৷ মাত্ৰ তিনিবছৰ পূৰ্বে অসম আৰক্ষীত যোগদান কৰিছিল সঞ্জয় গোৱালাই ৷ গোৱালাৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক: কিমিনত একেদিনাই ১১ টা পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.