ETV Bharat / state

দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰী দলৰ বাহন, আহত ৬

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:02 PM IST

Picnic party van fall into accident in Cachar
দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰী দলৰ বাহন, আহত ৬

Cachar road accident: আকৌ দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰী দলৰ বাহন । কাছাৰৰ কাটিগড়াৰ হিলাৰাত দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰী দলৰ বাহন । আহত ৬ গৰাকী বনভোজকাৰী । এজনৰ অৱস্থা সংকটজনক । কাছাৰৰ ৰাজপথত বনভোজকাৰী দলে উদ্ভণ্ডালি চলোৱাৰ অভিযোগ ৰাইজৰ ।

দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰী দলৰ বাহন, আহত ৬

শিলচৰ,৩ জানুৱাৰী: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত বনভোজৰ আনন্দ । বিভিন্ন প্ৰান্তলৈ ঢাপলি মেলিছে বনভোজকাৰীৰ দলে । বনভোজৰ আনন্দত মতলীয়া হৈ পৰিছে ৰাজ্যবাসী । বনভোজকাৰী দল যাতে দুৰ্ঘটনাৰ মুখামুখি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন তথা পৰিবহণ বিভাগে লৈছে বিভিন্ন পদক্ষেপ । ইয়াৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । কাছাৰৰ কাটিগড়াত বনভোজ খাই ওভতাৰ পথতে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত বনভোজকাৰী দলৰ বাহন । দুৰ্ঘটনাত আহত ৬ গৰাকী বনভোজকাৰী ।

কাটিগড়াৰ হিলাৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত দ্ৰুতগতিত বনভোজকাৰী দলৰ বাহনখনে খুন্দা মৰাৰ ফলতে সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা । AS-24D-6172 নম্বৰৰ এখন অল্ট' বাহন লৈ বনভোজ খাই ওভতাৰ সময়ত শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে । ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ বাহনখনত থকা ৬ যুৱকক উদ্ধাৰ কৰি প্ৰেৰণ কৰে স্থানীয় চিকিৎসালয়লৈ । এজনৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে প্ৰেৰণ কৰে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ ।

ইফালে কাছাৰত প্ৰতিদিনে বনভোজৰ নামত একাংশ উদণ্ড যুৱকে ৰাজপথত উদ্ভণ্ডালি চলোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । দৃশ্য দেখিলে গাৰ নোম শিয়ঁৰি উঠাকৈ উদ্ভণ্ডালি চলোৱাৰ অভিযোগ উত্থাপন হৈছে । বাহনৰ ওপৰত বহি, দুৱাৰ খুলি ৰাজপথেৰে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে । এনেদৰে উদ্ভণ্ডালি কৰাৰ পৰিপ্ৰেক্ষিততে পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে ৰাইজে ।

লগতে পঢ়ক: লখিমপুৰত আৰক্ষীৰ বাহন খুন্দিয়াই চুৰমাৰ কৰিলে টেংকাৰে, তিনি আৰক্ষী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.