ETV Bharat / state

সীমান্তত পুনৰ মিজোৰ আগ্ৰাসন; গোপনে নিৰ্মাণ কৰিছে পথ !

author img

By

Published : Nov 9, 2021, 9:59 PM IST

Assam-Mizoram border
সীমান্ত গোপনে আগ্ৰাসন অব্যাহত ৰাখিছে মিজো দুৰ্বৃত্তই

অসম-মিজোৰাম সীমান্তত পুনৰ বৃদ্ধি পাইছে মিজোৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ ভূমিত পথ নিৰ্মাণ কৰিছে মিজো দুৰ্বৃত্তই ৷

শিলচৰ, 9 নৱেম্বৰ : কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ বৃদ্ধি পাইছে মিজোৰ আগ্ৰাসন ৷ এইবাৰ অসমৰ ভূমিত পথ নিৰ্মাণ কৰিছে মিজো দুৰ্বৃত্তই ৷ সীমান্তৰ কাছাৰ জিলাৰ পাগলাচড়া আৰু ফেন্সনগৰৰ প্ৰায় চাৰি কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি মিজোৰামে অব্যাহত ৰাখিছে পথ নিৰ্মাণ কাৰ্য ৷

সীমান্ত গোপনে আগ্ৰাসন অব্যাহত ৰাখিছে মিজো দুৰ্বৃত্তই

সমান্তৰালভাৱে অসমৰ অন্তৰ্গত বিভিন্ন স্থানত মিজোৰামে এতিয়াও মোতায়েন কৰি ৰাখিছে তেওঁলোকৰ সশস্ত্ৰ IR বেটেলিয়ান ৷ যোৱা ২৬ জুলাইত সীমান্তৰ লায়লাপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাচতো অসমৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰে ভিতৰে মিজো দুৰ্বৃত্তই আগ্ৰাসন চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

স্থানীয় লোকে সদৰী কৰা মতে, অসম-মিজোৰাম সীমান্ত মোতায়েন কৰা কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু অসমৰ কামাণ্ডো বেটেলিয়ানক বুঢ়া আঙুলি দেখুৱাই মিজো দুৰ্বৃত্তই নিৰ্মাণ কৰিছে পথ ৷ সেইদৰে সোমবাৰে মিজোৰামৰ এটা দুৰ্বৃত্তৰ দলে অসমৰ ভূমিত পথ নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে ৷ ইয়াৰ পাচতে আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে ৷

স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়া ৷ ইয়াৰ পাচতে কাছাৰ আৰক্ষীক প্ৰত্যক্ষ কৰি পথ নিৰ্মাণস্থলীৰ পৰা পলায় পত্ৰং দিয়ে মিজো দুৰ্বৃত্ত ৷ স্থানীয় ৰাইজৰ অভিযোগ, দীৰ্ঘ দিনৰ পৰা মিজোৰামে অসমৰ ভূমিত এটা পথ নিৰ্মাণ কৰি আছে ৷ যি পথটো মিজোৰামৰ ভাইৰেন্টিৰ পৰা আৰম্ভ হৈছে ৷

সীমান্তত নিয়োজিত অসম আৰক্ষী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ চকুৰ সন্মুখতেই মিজোৱে চলাই গৈছে এই পথ নিৰ্মাণ কাৰ্য ৷ মিজোৰ এনে আগ্ৰাসন দেখি এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসী ৷ উল্লেখ্য যে, এই ঘটনাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰৱেশত বাধা দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.