ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰৰ ৰূপত এগৰাকী অসম জীয়ৰী

author img

By

Published : Aug 19, 2021, 10:43 PM IST

mariya-begum-selected-as-flying-officer-in-air-force

ভাৰতীয় বায়ুসেনাত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত হৈ সমগ্ৰ ভাৰতত অসম তথা বৰাক উপত্যকাৰ নাম উজ্জ্বলালে কাছাৰৰ মাৰিয়া বেগমে ৷ মাৰিয়াৰ এই কৃতিত্বই সমগ্ৰ পৰিয়ালটোক গৌৰৱান্বিত কৰিছে ৷

কাছাৰ,19 আগষ্ট: ভাৰতীয় প্ৰতিৰক্ষাত সেৱা আগবঢ়োৱাটো সমগ্ৰ দেশৰ বহুসংখ্যক লোকৰ সপোন ৷ ভাৰতীয় বায়ু সেনা বা আইএএফ হৈছে দেশৰ আটাইতকৈ ডাঙৰ আৰু গৌৰৱান্বিত প্ৰতিষ্ঠানবোৰৰ ভিতৰত এটা ৷ য'ত প্ৰবেশ কৰা লাখ লাখ মানুহে কেৱল সপোন দেখিব পাৰে ৷ এইবাৰ বায়ুসেনাত ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত হৈ সমগ্ৰ দেশতে অসম তথা বৰাক উপত্যকাৰ নাম উজ্জ্বল কৰিলে কাছাৰ কন্যা মাৰিয়া বেগমে ৷

mariya-begum-selected-as-flying-officer-in-air-force
ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰৰ ৰূপত এগৰাকী অসম জীয়ৰী

ভাৰতীয় বায়ু সেনাৰ (IAF) ৰ এগৰাকী উৰণ বিষয়া হিচাপে স্থান লাভ কৰি মাৰিয়াই কেৱল বৰাক উপত্যকাৰ এগৰাকী মহিলা হিচাপেই নহয়, সমগ্ৰ দেশৰ বাবেও এক বিৰল সাফল্য অৰ্জন কৰিছে ৷ মাৰিয়া বেগমৰ জন্ম কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ শিবপুৰ অঞ্চলত ৷ চাৰিজন ভাই-ভনীৰ ভিতৰত তেঁও জ্যেষ্ঠ ৷ মাৰিয়াৰ দেউতাক এজন প্ৰাক্তন সেনাকৰ্মী আছিল, যিয়ে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই মাৰিয়াক অনুশাসন আৰু অধ্যাৱসায়ৰ মাজেৰে ডাঙৰ-দীঘল কৰিছিল ৷

mariya-begum-selected-as-flying-officer-in-air-force
ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰৰ ৰূপত এগৰাকী অসম জীয়ৰী

উল্লেখ্য যে,মাৰিয়াই শিলচৰৰ গুৰু চৰণ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু 2019 চনত শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ IAF-ত ফ্লায়িং অফিচাৰ হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ তেওঁ প্ৰথমে এ.এফ.চি.এ.টি. পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হৈছিল ৷ তাৰ পিছত তেঁওক এছ.এছ.বিৰ সাক্ষাৎকাৰৰ বাবে মতা হৈছিল ৷

এছ.এছ.বি পৰীক্ষাৰ অংশটো হৈছে ব্যক্তিত্ব আৰু দক্ষতাৰ 5 দিনীয়া পৰীক্ষা ৷ যাৰ বাবে তেওঁক বাৰাণসীলৈ মাতি অনা হৈছিল ৷ বাৰাণসীৰ বিষয়াসকলক তেওঁৰ প্ৰদৰ্শনেৰে প্ৰভাৱিত কৰাৰ পিছত তেওঁলোকে মাৰিয়াক আইএএফৰ এগৰাকী ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত কৰিবলৈ পৰামৰ্শ দিছিল ৷ কিন্তু এছ.এছ.বি. সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ পিছত মাৰিয়াৰ ভাৰতীয় বায়ু সেনাত প্ৰৱেশ কৰাৰ প্ৰচেষ্টাত অন্তিম বাধা আছিল চিকিৎসা পৰীক্ষা ৷

চিকিৎসা পৰীক্ষাৰ অন্তত অৱশেষত বুধবাৰে মেধা তালিকাখন প্ৰকাশ পালে ৷ য'ত স্থান লাভ কৰিলে কাছাৰ কন্যা মাৰিয়া বেগমে ৷ মাৰিয়াৰ এই কৃতিত্বই সমগ্ৰ পৰিয়ালটোক গৌৰৱান্বিত কৰিছে ৷ ইয়াৰ লগে লগে মাৰিয়াই কাছাৰৰ কন্যা হিচাপে ভাৰতৰ অন্যতম প্ৰধান প্ৰতিষ্ঠানত সমগ্ৰ বৰাক উপত্যকাক আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ বিজেপি চৰকাৰক দিন ডকাইত আখ্যা কমল কুমাৰ মেধিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.