ETV Bharat / state

কাছাৰত উদ্ধাৰ বাৰ্মিজ চুপাৰী

author img

By

Published : Jun 13, 2021, 9:39 AM IST

কাছাৰত আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী
কাছাৰত আৰক্ষীৰ জালত বাৰ্মিজ চুপাৰী

সমগ্ৰ ৰাজ্যৰ লগতে বৰাক উপত্যকাতো আৰক্ষী কঠোৰ হৈ পৰিছে অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ থকা সৰহবৰাহকাৰীৰ বিৰুদ্ধে ৷ তাৰমাজতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্ভালকৰ চন্দ্ৰকান্তই জিলাখনত এটাৰ পাচত এটা ছিণ্ডিকেটৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে ।

কাছাৰ,13 জুন : মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিয়েই ৰাজ্যত চলি থকা অবৈধ ব্যৱসায়ৰ লগতে ড্ৰাগছ আৰু গৰুৰ চোৰাং সৰহবৰাহ বন্ধ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ তাৰপাচতে আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰহবাৰহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ একেদৰে গৰুৰ চোৰাং সৰহবৰাহকাৰীৰ লগতে বাৰ্মিজ চুপাৰী বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

বৰাক উপত্যকাতো আৰক্ষী কঠোৰ হৈ পৰিছে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত হৈ থকা সৰহবৰাহকাৰীৰ বিৰুদ্ধে ৷ তাৰ মাজতে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্ভালকৰ চন্দ্ৰকান্তই জিলাখনত এটাৰ পাচত এটা ছিণ্ডিকেটৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । কাছাৰৰ কালাইন বাটপাৰাত এটা বাৰ্মিজ চুপাৰী গুদামত কালাইন আৰু কাটিগড়া আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে কেইবা লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰী ৷

কাছাৰত উদ্ধাৰ বাৰ্মিজ চুপাৰী

উল্লেখযোগ্য যে, শনিবাৰে দিনৰ ভাগত এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই কাটিগড়া আৰু কালাইন আৰক্ষীয়ে ভাটপাৰাৰ চুপাৰী গুদামৰ পৰা 63 বস্তা বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এই চুপাৰী ব্যৱসায়ৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ নাৰেংগীত লাইনচ্যুত মালবাহী ৰে'ল: যোগাযোগ ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.