দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি

author img

By

Published : Aug 18, 2021, 1:02 PM IST

দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি

সোমবাৰে নিশা হঠাতে উত্তপ্ত হৈ উঠে হাইলাকান্দি জিলাৰ ছিৰিচপুৰ চাহ বাগিচা অঞ্চল । দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি ৷ উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিছে কেইবাখনো বাহন আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ।

শিলচৰ, 18 আগষ্ট : দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি ৷ দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি জিলাৰ ছিৰিচপুৰ চাহ বাগিচা অঞ্চল । উত্তেজিত জনতাই ভাঙি চুৰমাৰ কৰিছে কেইবাখনো বাহন আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ।

পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ । আৰক্ষীলৈ শিলগুটি নিক্ষেপ উত্তেজিত ফৈদৰ । শিলগুটি নিক্ষেপৰ ফলতে আঘাতপ্ৰাপ্ত হাইলাকান্দি সদৰ আৰক্ষী চকীৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া জসিম উদ্দিন লস্কৰৰ লগতে আন এজন জোৱান ।

hailakandi-erupts-in-conflict-between-two-parties
দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি

সোমবাৰে নিশা হঠাতে উত্তপ্ত হৈ উঠে হাইলাকান্দি জিলাৰ ছিৰিচপুৰ চাহ বাগিচা অঞ্চল । স্থানীয় দুই যুৱকৰ কাজিয়াৰ পৰা সৃষ্টি হয় দুই ফৈদৰ সংঘাত । মুহুৰ্তৰ ভিতৰতে এই সংঘাতে ধাৰণ কৰে ভয়ংকৰ ৰূপ । উত্তেজিত ফৈদে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাখনো ব্যবসায়িক প্ৰতিষ্ঠানৰ লগতে যান-বাহন ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীলৈও শিলগুটি আৰু কাঁচৰ বটল নিক্ষেপ কৰে উত্তেজিত দুই ফৈদে । প্ৰায় দুঘণ্টা সময় আৰক্ষী আৰু দুই ফৈদৰ সংঘাতৰ পিছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি । ঘটনাৰ পিছতে আৰক্ষীয়ে পাঁচজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । নিশা পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ দক্ষিণ অসম প্ৰান্তৰ ডিআইজি দেৱজিত মুখাৰ্জী ।

দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি

বৰ্তমানে সমগ্ৰ ছিৰিচপুৰ বাগিচাত আৰক্ষী আৰু চিআৰপিএফ বাহিনী মোতায়েন কৰি ৰখা হৈছে । ইপিনে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত পাঁচজন যুৱকক আটক কৰি সোধ-পোচ চলাই আছে হাইলাকান্দি আৰক্ষীয়ে । এই পাঁচজন যুৱকৰ নাম ক্ৰমে ইমৰাণ হুছেইন লস্কৰ, আনোৱাৰ হুছেইন বৰভূঞা, ইলিয়াছ আলী লস্কৰ, ছেলিম উদ্দিন লস্কৰ আৰু পুৰাম ৰবিদাস ।

লগতে পঢ়ক: আকৌ পথাৰত নামিম, ভূঁই ৰুম : স্ব-গৃহত উপস্থিত হৈ ক’লে লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.