ETV Bharat / state

শিলচৰত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

author img

By

Published : May 21, 2021, 12:56 PM IST

বৃহস্পতিবাৰে নিশা শিলচৰৰ তাৰাপুৰ ক্ষুদিৰাম ছৰণিত সংঘটিত হয় ডকাইতি কাণ্ড । বন্দুক দেখুৱাই লুটি নিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী আৰু সোণ ।

DECOTY
নিশা শিলচৰত চাঞ্চল্যকৰ ডকাইতিকাণ্ড

শিলচৰ, ২১ মে': বৃহস্পতিবাৰে নিশা শিলচৰৰ তাৰাপুৰ ক্ষুদিৰাম ছৰণিত সংঘটিত হয় ডকাইতি কাণ্ড । ডকাইতৰ এটা দলে বন্দুক দেখুৱাই লুটি নিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী আৰু সোণ ।

ঘটনা অনুসৰি, বৃহস্পতিবাৰে নিশা ১.৩০ বজাত প্ৰায় ৮ জনীয়া এটা ডকাইতৰ দলে কুটু চন্দ্ৰৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ গৰাকীক বান্ধি থয় । তাৰ পিছত ঘৰৰ বাকী সদস্যসকলক বন্দুক দেখুৱাই টকা-পইচা আৰু সোণৰ আ-অলংকাৰ লুটি নিয়ে ।

ডকাইতৰ দলটোৱে যোৱাৰ সময়ত ঘৰৰ দুৱাৰমুখত এটা সোণৰ আঙুঠি পেলাই থৈ যায় । ইয়াৰ পাচতে আৰক্ষীক অৱগত কৰাত ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । এই সমগ্র ঘটনাক লৈ অঞ্চলটোত তীব্ৰ আতংকই বিৰাজ কৰিছে ।

লগতে পঢ়ক: গাঞ্জাৰ বিৰুদ্ধে চাবুৱা আৰক্ষী বৃহৎ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.