ETV Bharat / state

শিলচৰত জোঁৰ সমদলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 25, 2021, 8:48 PM IST

জোঁৰ সমদলক কেন্দ্ৰ কৰি শিলচৰত উত্তপ্ত পৰিস্থিতি ৷ শিলচৰত বিভিন্ন দলসংগঠনে নগাঁও আৰু কাছাৰ কাগজ কলৰ ৭৯ জন মৃত কৰ্মচাৰীক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে উলিওৱা সমদলক বাধা দিছিল আৰক্ষীয়ে ৷

cachar tense situation
শিলচৰত জোঁৰ সমদলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

কাছাৰ, 25 জানুৱাৰী : শিলচৰত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক অবাঞ্চিত পৰিস্থিতিৰ ৷ নগাঁও আৰু কাছাৰ কাগজ কলৰ ৭৯ জন মৃত কৰ্মচাৰীক শ্রদ্ধাঞ্জলি জনাই শিলচৰত বিভিন্ন দলসংগঠনে উলিওৱা জোঁৰ সমদলক বাধা দিয়ে আৰক্ষীয়ে ৷ ইয়াকে লৈ চহৰখনৰ ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তিৰ সমীপত আৰক্ষী আৰু দল সংগঠনৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷

জোঁৰ সমদলত অংশগ্ৰহণ কৰা সমদলকাৰীক একেটা স্থানতে আৰক্ষীয়ে আৱদ্ধ কৰি ৰখাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ, অসম আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্ল‘গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক: কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.