ETV Bharat / state

ৰাজনৈতিক নেতাই সাৰ পানী যোগান ধৰিছে পৃথক বৰাকৰ দাবীত ! বৃহৎ বৃহৎ হৰ্ডিং আঁৰি বি ডি এফৰ পৃথক বৰাকৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 12:39 PM IST

Updated : Dec 27, 2023, 2:04 PM IST

BDF Leader Pradip Dutta Roy  Demand for a separate Barak
ৰাজনৈতিক নেতাই সাৰ পানী যোগান ধৰিছে পৃথক বৰাকৰ

পৃথক বৰাকৰ দাবীৰে (Demand for a separate Barak)বৰাকৰ ৰাস্তাই-ঘাটে আঁৰিছে বৃহৎ বৃহৎ হৰ্ডিং ৷ ‘‘পৃথক বৰাকৰ দাবীৰে গাঁৱে গাঁৱে প্ৰচাৰ চলোৱা হ’ব ৷ বিজেপি, কংগ্ৰেছদল লগতে প্ৰায়সমূহ দলৰ নেতাই পৃথক বৰাক হোৱাটো বিচাৰে ’’ এই বিস্ফোৰক মন্তব্য বি ডি এফৰ(BDF) নেতা প্ৰদীপ দত্ত ৰায়ে ৷

ৰাজনৈতিক নেতাই সাৰ পানী যোগান ধৰিছে পৃথক বৰাকৰ

শিলচৰ, 27 ডিচেম্বৰ : অসমৰ পৰা পৃথক হ’ব নেকি বৰাক উপত্যকা ! কোন কোন ৰাজনৈতিক দলৰ নেতাই বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰাত সাৰ পানী যোগাইছে ! মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ একাংশ অঞ্চলক লৈ বৰাক উপত্যকা নামেৰে নতুন ৰাজ্য গঠন হ’ব নেকি ! তাৰে যেন ধূসৰ এখন ছবি প্ৰতিফলিত হৈছে ৷

কাৰণ বৰাকত ক্ৰমান্বয়ে পৃথক বৰাকৰ দাবী তীব্ৰতৰ কৰি তুলিছে বৰাক ডেমক্ৰেটিক ফ্ৰন্ট চমুকৈ বি ডি এফৰ নেতাই প্ৰদীপ দত্ত ৰায়ে ৷ তাৰে অংশ স্বৰূপে ‘‘বৰাক কেতিয়াও অসমৰ অংগ নাছিল, ইংৰাজে কৰিছিল একত্ৰীকৰণ ৷ বঞ্চনাৰ ইতিহাস, অৱহেলা, শোষণ আৰু মুক্তিৰ একমাত্ৰ পথ বৰাক পৃথকীকৰণ ” এই শ্লোগান লিখা বৃহৎ বৃহৎ হৰ্ডিং দেখিবলৈ পোৱা গৈছে বৰাকত ৷ আনহাতে উক্ত হৰ্ডিঙসমূহ আঁৰিছে বৰাক ডেমক্ৰেটিক ফ্ৰন্ট চমুকৈ বি ডি এফে ৷

বিজেপি আৰু কংগ্ৰেছসহ প্ৰায়সংখ্যক ৰাজনৈতিক দল নেতাই পৃথক বৰাক আন্দোলনত সমৰ্থন আছে বুলি দাবী কৰি ৰায়ে কয়, ‘‘বিজেপি আৰু কংগ্ৰেছসহ প্ৰায়সমূহ দলৰ নেতাই পৃথক বৰাক হোৱাটো বিচাৰে ৷ তেওঁলোকে যদিও মুকলিকৈ সমৰ্থন কৰা নাই তথাপিও গোপনে আমাক সহায় কৰি আহিছে ৷’’

পৃথক বৰাকৰ দাবীত গাঁৱে গাঁৱে প্ৰচাৰ চলাব বুলি উল্লেখ কৰি বৰাক ডেমক্ৰিটিক ফ্ৰন্ট তথা বি ডি এফ নেতা ৰায়ে কয়, ‘‘পৃথক বৰাকৰ দাবীত কেন্দ্ৰীয় চৰকাৰক স্মাৰক পত্ৰ দাখিল কৰা হৈছে ৷ তথাপিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ৷ সেয়ে বৰাকৰ তিনিখন জিলাত পৃথক বৰাকৰ দাবীত হৰ্ডিং আঁৰি দিয়া হৈছে ৷ যাতে ৰাইজে সজাগ সচেতন হয় ৷ লগতে বৰাক কিয় অসমৰ পৰা পৃথক হ’ব লাগে সেই সন্দৰ্ভত ৰাইজক সজাগ কৰিবলৈ 5 লাখ কিতাপ প্ৰকাশ কৰা হ’ব ৷ সেই কিতাপ লৈ গাঁৱে গাঁৱে প্ৰচাৰ চলোৱা হ’ব ৷’’

লগতে পঢ়ক : শিলচৰৰ ব্যক্তিগত চিকিৎসালয়ত আজৱ কাণ্ড, জন্মৰ কিছু সময়ৰ পিচতে পৰিয়ালক গতালে নৱজাতকৰ মৃতদেহ

Last Updated :Dec 27, 2023, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.