ETV Bharat / state

পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত

author img

By

Published : Jul 15, 2021, 10:56 PM IST

assam-mizoram-border-warm-situations
হাইলাকান্দিত মিজো দুৰ্বৃত্বৰ সন্ত্ৰাস

অসমৰ ভূমিৰ তিনি কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি দখল কৰিবলৈ চেষ্টা কৰিছে মিজো দুৰ্বৃত্তই ৷ লগতে অসমৰ ভূ-খণ্ডত থকা গছ-গছনি কাটি তহিলং কৰাৰ লগতে গৃহ নিৰ্মাণো কৰিছে অসমৰ ভূমিতে ৷ যাৰ বাবে অসমৰ সীমান্তত বসৱাস কৰা অসমৰ নাগৰিক (ASSAM CITIZEN) সকলৰ মাজত আতংকই বিৰাজ কৰিছে ৷

কাছাৰ,15 জুলাই : অসমৰ ভূমি মিজোৰামৰ দুৰ্বৃত্তই দখল কৰি অহাৰ বাতৰি সংবাদ শীৰ্ষত থকাৰ মাজতে পুনৰ পোহৰলৈ আহিছে মিজো দুৰ্বৃত্তৰ হাইলাকান্দিত (HAILAKANDI) সংঘটিত কৰা আগ্ৰাসনৰ ঘটনা ৷ বৃহস্পতিবাৰে পুনৰ উত্তপ্ত হৈ পৰে অসম-মিজোৰাম সীমান্ত (ASSAM-MIZURAM BORDER) ৷ এইবাৰ হাইলাকান্দি জিলাৰ দক্ষিণ অঞ্চলত প্ৰৱেশ কৰিছে মিজোৰামৰ দুৰ্বৃত্তই ৷

জানিবপৰা মতে, অসমৰ ভূমিৰ তিনিকিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি দখল কৰিবলৈ চেষ্টা কৰিছে মিজো দুৰ্বৃত্তই ৷ লগতে অসমৰ ভূ-খণ্ডত থকা গছ-গছনি কাটি তহিলং কৰাৰ লগতে গৃহ নিৰ্মাণো কৰিছে অসমৰ ভূমিতে ৷ যাৰ বাবে অসমৰ সীমান্তত বসৱাস কৰা অসমৰ নাগৰিক (ASSAM CITIZEN) সকলৰ মাজত আতংকই বিৰাজ কৰিছে ৷ ইপিনে ঘটনাৰ খবৰ লাভ কৰিয়েই আৰক্ষী গৈ উপস্থিত হয় দক্ষিণ হাইলাকান্দিত ৷

assam-mizoram-border-warm-situations
হাইলাকান্দিত মিজো দুৰ্বৃত্বৰ সন্ত্ৰাস

উল্লেখযোগ্য যে, 11 জুলাইটো কাছাৰ জিলাৰ (CACHAR DISTRICT) অসম-মিজোৰাম সীমান্তৰ ধলাখালত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ সীমান্তৰ এটা পথ নিৰ্মাণ কৰিবলৈ যোৱা অসমৰ প্ৰশাসনিক বিষয়াসকলক লক্ষ্য কৰি মিজো দুষ্কৃতিকাৰীয়ে গ্ৰেণেড নিক্ষেপ কৰে ৷ ইয়াৰ ফলত কাছাৰৰ সীমান্ত অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশেষত ঘটনাস্থলীত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তসহ আৰক্ষীৰ এক বিশাল বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

সীমান্তৱৰ্তী অঞ্চলটোত পৰিস্থিতি যিকোনো সময়তে অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ সংবাদ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকসকলক অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে (ADGP) বাধা দিয়ে ৷ আনকি ৰহস্যজনকভাৱে কৰ্তব্যৰত সাংবাদিকৰ কেমেৰাৰ পৰা ভিডিঅ’ ডিলিট কৰাৰো অভিযোগ উত্থাপিত হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ বিৰুদ্ধে ৷

হাইলাকান্দিত মিজো দুৰ্বৃত্বৰ সন্ত্ৰাস

জানিব পৰা মতে, অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) হৰমিত সিঙৰ নেতৃত্বত কাছাৰ আৰক্ষীৰ এটা দলে এটা পথ নিৰ্মাণৰ বাবে সীমান্তৱৰ্তী ধলাখালত উপস্থিত হৈছিল ৷ দীৰ্ঘদিন ধৰি মিজোসকলে এই পথ নিৰ্মাণত বাধা আৰোপ কৰি আহিছিল ৷ যাৰ বাবে দল-বলে সেইস্থানত গৈ উপস্থিত হৈছিল অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ৷ কিন্তু দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত মিজোসকলে এই নিৰ্মাণ কাৰ্যত বাধা আৰোপ কৰে ৷ ফলত দুয়োপক্ষৰ মাজত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছে হৰমিত সিঙৰ নিৰ্দেশত অসম আৰক্ষীয়ে মিজোসকলক সেই স্থানৰ পৰা খেদি পঠিয়াই পথটো নিৰ্মাণ কৰে ৷ কিন্তু মিজোসকল অলপ দূৰত গৈ অসম আৰক্ষীক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে ৷

ইয়াৰ ফলত সীমান্তৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত সংবাদিকসকল গৈ উপস্থিত হয় যদিও তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) হৰমিত সিঙে ৷ ৰহস্যজনকভাৱে কেইগৰাকীমান সাংবাদিকৰ কেমেৰাৰে লোৱা উক্ত স্থানৰ ভিডিঅ’ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বলপূৰ্বকভাবে ডিলিট কৰি দিয়ে ৷ এই কাৰ্যই স্বাভাৱিকতে ঘটনাটো অধিক ৰহস্য ঘনীভূত কৰি তোলে ৷

লগতে পঢ়কঃ হিন্দী আইটেম নাম্বাৰৰ তালত সত্ৰীয়া নৃত্য কৰি বিতৰ্কত দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.