ETV Bharat / state

কৰ’ণা আক্ৰান্ত হৈ বৰাকত 5 জনৰ মৃত্যু

author img

By

Published : May 19, 2021, 10:25 PM IST

5-person-die-in-cacher-due-to-covid
কৰ’ণা আক্ৰান্ত হৈ বৰাকত 5 জনৰ মৃত্যু

বৰাকত ক’ভিড আক্ৰন্ত হৈ 5 জনৰ মৃত্যু ৷ পাঁচ জনৰ ভিতৰত 3 জন কাছাৰ জিলাৰ আৰু 2 জন হাইলাকান্দি জিলাৰ ।কাছাৰত মুঠ 316 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷

কাছাৰ, 19 মে': ৰাজ্যত সংহাৰী ৰূপ লৈছে ক’ভিড-19ৰ সংক্ৰমণে ৷ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে বৰাকত ভয়ংকৰ ৰূপ লৈছে কৰ’ণা মহামাৰীয়ে । বুধবাৰৰ দিনটোত কৰ’ণা আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত 5 জন লোকৰ মৃত্যু হৈছে ৷ পাঁচজনৰ ভিতৰত 3 জন কাছাৰ জিলাৰ আৰু 2 জন হাইলাকান্দি জিলাৰ ।

কৰ’ণা আক্ৰান্ত হৈ বৰাকত 5 জনৰ মৃত্যু

তেওঁলোকৰ ভিতৰত কাছাৰ জিলাৰ শিলচৰ তাৰাপুৰৰ শংকৰ পাল চৌধুৰী (৫৫), শৰৎপল্লীৰ দিলীপ ৰায় (৭০), বিলপাৰৰ জিতেন কংস বনিক (৭৪) আৰু হাইলাকান্দি জিলাৰ লালাৰ বাসিন্দা ক্ৰমে সিৰাজ উদ্দিন চৌধুৰী(৩৮)আৰু ৰুছনেহাৰা বেগম চৌধুৰী(৪০) ৷ উল্লেখ্য যে, বুধবাৰ সন্ধিয়া 6 বজা পৰ্যন্ত কাছাৰত মুঠ 316 গৰাকী লোক ক’ভিড-19 ত আক্ৰান্ত হৈছে ৷

লগতে পঢ়ক : বিস্ময়ৰ জন্মদাতা শশী ফুকন আই চি ইউত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.