ETV Bharat / state

মাণিকপুৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ

author img

By

Published : Apr 14, 2022, 11:33 AM IST

Updated : Apr 14, 2022, 12:38 PM IST

manikpur woman demand for arunodoy
মানিকপুৰত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ

অৰুণোদয় আঁচনিয়ে হাঁহি বিৰিঙাইছে ৰাজ্যৰ মহিলাসকলৰ মুখত । কিন্তু এতিয়াও বহুসংখ্যক মহিলা বঞ্চিত হৈ আছে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰাৰ পৰা । মাণিকপুৰৰ পাতিলাদহাৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকল ওলাই আহিল ৰাজপথলৈ (Women protest deprived of Arunoday scheme)।

মাণিকপুৰ, ১৪ এপ্ৰিল : অসম চৰকাৰৰ আঁচনি অৰুণোদয়ৰ পৰা বঞ্চিত হৈ আছে তিনিখনকৈ পঞ্চায়তৰ শতাধিক মহিলা হিতাধিকাৰী(Hundreds of women beneficiaries deprived of Arunoday ascheme) । বঙাইগাঁও জিলাৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাতিলাদহা, পালেংবাৰী আৰু আলুখুন্দা গাঁও পঞ্চায়তৰ কেইবা শতাধিক মহিলাই ৰাজ্য চৰকাৰৰ জনপ্ৰিয় অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে ।

যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে, তেনে সময়ত এই তিনিখনকৈ পঞ্চায়তৰ মহিলাসকলে এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ থকাত ক্ষুব্ধ হৈ পৰিছে ।

মাণিকপুৰত মহিলাৰ প্ৰতিবাদ

এফালে মূল্যবৃদ্ধিৰ মাধমাৰ, আনফালে অৰুণোদয় আঁচনিৰ পৰা সম্পূৰ্ণ বঞ্চিত হোৱা তিনি পঞ্চায়তৰ মহিলা হিতাধিকাৰীসকলে ৰাজপথলৈ আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাতিলাদহা গাঁও পঞ্চায়তৰ সচিবৰ জৰিয়তে বঙাইগাঁও জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে(Women protest deprived of Arunoday scheme) প্ৰতিবাদকাৰী মহিলাসকলে ।

লগতে পঢ়ক: পৰম্পৰা ৰক্ষা কৰি মৰাণৰ ৰাইজে পালন কৰিলে গৰু বিহু

Last Updated :Apr 14, 2022, 12:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.