ETV Bharat / state

মানিকপুৰত অবৈধ অৰুণাচলী সুৰাভৰ্ত্তি ট্ৰাক জব্দ

author img

By

Published : Jun 4, 2020, 10:17 PM IST

WB-23C-2137 নম্বৰ ট্ৰাকখন ভালুকপুঙৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত মানিকপুৰ আৰক্ষীয়ে জব্দ কৰে । ট্ৰাক খনত 430 কাৰ্টুন অৰুণাচলী সুৰা আছে ।

মানিকপুৰত অবৈধ অৰুণাচলী সুৰাভৰ্ত্তি ট্ৰাক জব্দ
মানিকপুৰত অবৈধ অৰুণাচলী সুৰাভৰ্ত্তি ট্ৰাক জব্দ

উত্তৰ অভয়াপুৰী, 4 জুনঃ ৰাজ্যত লক ডাউনৰ আৰু নিশা কাৰ্ফিউ চলি থকাৰ মাজতে অসাধু ব্যৱসায়ীসকলে সুযোগ বুজি অবৈধ সামগ্ৰী সৰবৰাহ কৰি থকাৰ ঘটনা পোহৰ লৈ আহিছে । বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাত নিশা অবৈধ অৰুণাচলী সুৰা ভৰ্ত্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰাৰ লগতে চালকজনক আটক কৰে । চালকজন পশ্চিমবংগৰ চৌব্বিশ পৰগণা জিলাৰ আবুল কালাম সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে । আনহাতে WB-23C-2137 নম্বৰ ট্ৰাকখন ভালুকপুঙৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত মানিকপুৰ আৰক্ষীয়ে জব্দ কৰে । ট্ৰাক খনত 430 কাৰ্টুন অৰুণাচলী সুৰা আছে । চালকে আৰক্ষীক কোনো ধৰণৰ নথিপত্ৰ দেখুওৱাব পৰা নাই বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীৰ জিম্মাত ট্ৰাকচালকজন ৷

মানিকপুৰত অবৈধ অৰুণাচলী সুৰাভৰ্ত্তি ট্ৰাক জব্দ

লগতে চাওকঃ 25 জুনত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.