ETV Bharat / state

ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় শিল্প...

author img

By

Published : Jul 25, 2021, 3:44 PM IST

চৰকাৰে মাহে নানা ধৰণৰ আঁচনি ঘোষণা কৰি আছে মাত্ৰ কাগজে-কলমে । ঘোষণা কৰা আঁচনি জনসাধাৰণে ঢুকি পাইছেনে নাই তাৰ প্ৰতিও কোনো গুৰুত্ব নাই চৰকাৰৰ । তাৰে এক প্ৰতিচ্ছবি দাঙি ধৰিছে বঙাইগাঁৱৰ লোকসকলে ।

will-the-art-of-heritage-cottages-be-lost-because-of-the-covid-19
ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় কুটীৰ শিল্প

বঙাইগাঁও, 25 জুলাই : ক’ভিড 19 ৰ বাবে চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউনৰ ফলত শিল্পীসকলৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা । যাৰ ফলত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে বহু লোক । ক্ষুদ্ৰ উদ্যোগ, মৃত শিল্পী, সৰু-বৰ ব্যৱসায়ীসকল, খেতিয়কসকলৰ উপৰিও বিভিন্ন ধৰণৰ কাম-কাজত জড়িত থকা খাটি খোৱা লোকসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিছে ৷

উল্লেখ্য যে, চৰকাৰে প্ৰতিমাহে নানা ধৰণৰ আঁচনি ঘোষণা কৰি আছে ৷ কিন্তু এই আঁচনি মাত্ৰ কাগজে-কলমে সীমাবদ্ধ হৈ থকাহে পৰিলক্ষিত হৈছে ৷ চৰকাৰে ঘোষণা কৰা এই আঁচনি জনসাধাৰণে ঢুকি পাইছেনে নাই তাৰ প্ৰতি নাই কোনো গুৰুত্ব । তাৰেই এক প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ নোৱাপাৰা গাঁও পঞ্চায়তৰ বৰবাখৰা গাঁৱৰ তাঁত শিল্পীসকলৰ মাজত ।

গাঁৱখনৰ প্ৰায় 90 শতাংশ পুৰুষে তাঁতশালত জড়িত ৷

ক’ভিডৰ বাবেই হেৰাই যাব নেকি ঐতিহ্যময় শিল্প

আংশিক লক ডাউনৰ ফলত তেওঁলোক লোকচানৰ সন্মুখীন হৈছে । পূৰ্বতে ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰস্তুত কৰা কাপোৰ বিক্ৰী কৰিব পাৰিছিল যদিও এইবছৰ নোৱাৰাত বহু লোকচানৰ সন্মূখীন হ’বলগীয়া হৈছিল । চৰকাৰীভাৱে কোনো সহায় নাপাই এইসকল পুৰুষে তাঁতশাল এৰি দিন-হাজিৰা কাম কৰি পৰিয়াল-পোহপাল দিবলগা হৈছে ৷

যদি এনেদৰেই কিছুদিন অতিবাহিত কৰিবলগা হয়, তেতিয়াহলে হয়তো নিচিহ্ন হৈ পৰিব ঐতিহ্যময় এই কুটীৰ শিল্প । চৰকাৰে এইসকল শিল্পীক সহায় কৰিলে নিশ্চিতভাৱে ধৰি ৰাখিব পাৰিব নিজ কৰ্মধাৰাৰ লগতে ঐতিহাসিক তাঁতশিল্প । তেওঁলোকে মত ব্যক্ত কৰি কয় যে, চৰকাৰে আমাক ঋণ প্ৰদান কৰিলে আমিও লাভৱান হোৱাৰ লগতে এই শিল্পী সত্তা জীয়াই ৰাখিব পাৰিম ।

লগতে পঢ়ক: নিজৰ ঘৰতে গৰু চুৰি কৰিবলৈ গৈ ধৰা পৰিল যুৱক: পিতৃয়ে গতালে আৰক্ষীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.