ETV Bharat / state

Manikpur Flood Update: বঙাইগাঁৱত অপৰিৱৰ্তিত বান পৰিস্থিতি

author img

By

Published : Aug 2, 2022, 2:15 PM IST

পুনৰ বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood in Assam) । আই আৰু মানাহ নৈয়ে ধাৰণ কৰিছে ৰুদ্ৰ ৰূপ । জলমগ্ন হৈ পৰিছে বঙাইগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল(Flood in Bongaigaon) । পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

unchanged flood situation in bongaigaon
বঙাইগাঁৱত অপৰিৱৰ্তিত বান পৰিস্থিতি

বঙাইগাঁও,২ আগষ্ট: পুনৰ বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্ত(Flood in Assam) । পুনৰ ওফন্দি উঠিছে নৈ-উপনৈৰ বুকু । বঙাইগাঁৱতো পুনৰ বানৰ তাণ্ডৱ(Flood in Bongaigaon) । জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল । আই আৰু মানাহ নৈয়ে ভয়াবহ ৰূপ ধাৰণ কৰি বুৰাইছে বহু কেইখন কাষৰীয়া গাঁও।

জিলাখনত দুদিন ধৰি অপৰিৱৰ্তিত বান পৰিস্থিতি । বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ আই আৰু মানাহ নৈৰ অপৰিৱৰ্তিত বান পৰিস্থিতিৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন । ডাঙাইগাঁও-কীৰ্ত্তনপাৰা সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ যাতায়ত ব্যহত হৈ পৰিছে । জিলাখনৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ আই আৰু মানাহ নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰাত জলমগ্ন হৈ পৰিছে অৰ্ধ শতাধিক ৰাজহ গাঁও । মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ পৰিছে ।

বঙাইগাঁৱত অপৰিৱৰ্তিত বান পৰিস্থিতি

আনহাতে বন্যাৰ্তৰ নাজল-নাথৰ অৱস্থা । বিশুদ্ধ খোৱাপানীৰ অভাৱত বানাক্ৰান্ত লোক সকলৰ মাজত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । জিলা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে । আই নৈৰ কাষত ২ নং বাশবাৰীত পূৰ্বৰ পৰা খহনীয়াত ক্ষতিগ্ৰস্ত লোক সকল আশ্ৰয় শিবিৰ পাতি আশ্ৰয় গ্ৰহন কৰি আছিল যদিওঁ সেয়াও বৰ্তমান পানীৰ তলত । জিলা প্ৰসাশনে উদ্ধাৰ অভিযান আৰম্ভ নকৰাত স্থানীয় লোক নামি পৰিছে উদ্ধাৰ অভিযানত ।

লগতে পঢ়ক: KAAC awareness programme : কাৰ্বি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.