ETV Bharat / state

বঙাইগাঁৱৰ কাবাইটাৰীত পথ দুৰ্ঘটনা

author img

By

Published : Jul 4, 2021, 12:26 PM IST

কাবাইটাৰীত পথ দুৰ্ঘটনা সংঘটিত ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মটৰ চাইকেলৰ দুই আৰোহী ।

road accident
বঙাইগাঁৱৰ কাবাইটাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

অভয়াপুৰী,৪ জুলাই : বঙাইগাঁও জিলাৰ কাবাইটাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident) । ৩১ নং(খ) ৰাষ্ট্ৰীয় ঘাইপথত (31 National Highway) সংঘটিত হৈছে এই দুৰ্ঘটনা । ৰৈ থকা ট্ৰাকত (Truck) খুন্দা মাৰে এখন মটৰ চাইকেলে (Bike) । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মটৰ চাইকেলৰ দুই আৰোহী ।

আঘাতপ্ৰাপ্ত দুজন যুৱক ক্ৰমে ২২ বছৰীয়া মফিদুল হক আৰু ২৭ বছৰীয়া ৰছিদুল হক । দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ হৈছে AS-১৯ L-১৯৪৬ আৰু ট্ৰাকখনৰ নম্বৰ AS-১৭ C-০১৩১ । দুৰ্ঘটনাৰ পিছতে আহত দুয়োগৰাকী মটৰ চাইকেল আৰোহীক চলন্তাপাৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰা হয় । অৱশ্যে তাৰ পিছত এজনক গোৱালপাৰা আৰু আনজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (Gmch) উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।

ইফালে আঘাতপ্ৰাপ্ত ৰছিদুল হকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনে পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজৰ সহযোগত যোগীঘোপা আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় । স্থানীয় লোকৰ অভিযোগ কোনো ধৰণৰ সংকেত নোহোৱাকৈ ৰাস্তাৰ দাঁতিতে ৰখাই থোৱা আছিল ট্ৰাকখন ৷

যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে । কেৱল এয়াই নহয় ইয়াৰ পূৰ্বেও এনেদৰে ৰাস্তাৰ দাঁতিত গধুৰ বাহনসমূহ ৰখাই থোৱাৰ বাবে বহু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । আনকি বহু ট্ৰাকৰ আকৌ পিছফালৰ লাইট (Signal light) নাথাকে অৰ্থাৎ কোনো ধৰণৰ সংকেত অবিহনে ৰাস্তাৰ দাঁতিতে ৰখাই থয় ।

যাৰ বাবে নিশা হ'লেই একাংশ ঘাইপথ মৃত্যুদূতলৈ ৰূপান্তৰিত হয় । স্থানীয় লোকৰ অভিযোগ এইবোৰ দেখিও কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষী তথা পৰিবহণ বিভাগে (Transport Department) । অতি শীঘ্ৰে ৰাজপথৰ দাঁতিত এনেদৰে ট্ৰাকৰ দৰে ডাঙৰ বাহনসমূহ ৰখাই থোৱা বন্ধ কৰাৰ ক্ষেত্ৰত পৰিবহণ বিভাগক (transport department) বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক : বৰপেটাত বৃহৎ পৰিমাণৰ সুৰা জব্দ : আটক এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.