ETV Bharat / state

Heated situation in Bongaigaon: অমৃত সৰোবৰ আঁচনিৰ কামত বাধা প্ৰয়োগৰ অভিযোগত পাঁচজনক আটক

author img

By

Published : Feb 17, 2023, 8:37 AM IST

Tension prevailed in Bongaigaon over Amrit Sarovar scheme
অমৃত সৰোবৰ আঁচনিৰ কামত বাধা দিয়াক লৈ বঙাইগাঁৱত উত্তেজনা

বঙাইগাঁও জিলাৰ কোকিলাত অমৃত সৰোবৰ আঁচনিৰ কামত বাধা দিয়াৰ অভিযোগত মহিলাসহ ৫ জনকৈ লোকক আটক(5 held for obstructing Amrit Sarovar scheme) । ভূক্তভোগীক থানালৈ মাতি নি ধনৰ প্ৰলোভনেৰে মেনেজ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ কোকিলা আৰক্ষীৰ বিৰুদ্ধে ।

অমৃত সৰোবৰ আঁচনিৰ কামত বাধা দিয়াক লৈ বঙাইগাঁৱত উত্তেজনা

বঙাইগাঁও,১৭ ফ্ৰেব্ৰুৱাৰী: বঙাইগাঁৱত সৃষ্টি হ’ল উত্তেজনাময় পৰিস্থিতিৰ(Heated situation in Bongaigaon) । অমৃত সৰোবৰ আঁচনিৰ(Mission Amrit Sarovar) কামক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কোকিলা গাঁও পঞ্চায়তত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ(Tension prevailed in Bongaigaon over Amrit Sarovar scheme) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অমৃত সৰোবৰ আঁচনিৰ অধীনত কোকিলা গাঁও পঞ্চায়তত ১০ বিঘা মাটিত পুখুৰী খন্দাৰ কাম আৰম্ভ কৰাৰ পিছত দীৰ্ঘদিন ধৰি দখল কৰি থকা মাটিৰ মালিকসকলে কামত বাধা প্ৰদান কৰাত কোকিলা আৰক্ষীয়ে মহিলাসহ ৫ জনকৈ লোকক আটক কৰে(Mission Amrit Sarovar in Assam) । ইয়াৰ পাছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(5 held for obstructing Amrit Sarovar scheme) ।

ইফালে পুখুৰী খন্দাত কোনো ধৰণৰ বাধা প্ৰদান কৰা নাই বুলি উল্লেখ কৰি আটক কৰা অভিযুক্তৰ পৰিয়ালৰ লোকসকলে তেওঁলোকৰ আত্মীয়ক ঘৰৰ পৰা জোৰ জবৰদস্তি আটক কৰি আৰক্ষীয়ে লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে । তেওঁলোকে লগতে কয় যে পুখুৰী খন্দা স্থানত চাৰিটা পৰিয়ালে প্ৰায় ৬০ বছৰ পূৰ্বৰে পৰা সেই ভূমি দখল কৰি আছে । হাবি জংগল কাটি তেওঁলোকৰ পূৰ্ব পুৰুষসকলে সেই ভূমি বসবাসৰ উপযোগী কৰি তুলিছিল যদিও সময়মতে ভূমিৰ নথি-পত্ৰ তৈয়াৰ কৰিব পৰা নাছিল ।

সেই সুযোগতে হঠাৎ কোনোৱাই সেই ভূমি তেওঁলোকৰ পৰা কাঢ়ি ললে তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰিব বুলি উল্লেখ কৰে সেই মাটিৰ গৰাকী বুলি দাবী কৰা লোকসকলে । লগতে কোকিলা পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰে উৰ্দ্ধতম কৰ্তৃপক্ষৰ সৈতে গোপন বুজাবুজিৰে নীতি বহিঃৰ্ভূতভাৱে স্থানীয় মানুহক মাটি বিক্ৰী কৰি আছে বুলিও অভিযোগ উত্থাপন কৰি তেওঁলোকে লগতে কয় যে, এই অন্যায় তেওঁলোকে কেতিয়াও মানি ল'ব নোৱাৰে ।

ইফালে, কোকিলা আৰক্ষীয়ে থানালৈ মাতি নি ধনৰ প্ৰলোভনেৰে ভুক্তভোগীক মেনেজ কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে কোকিলা আৰক্ষীয়ে । ইফালে এই ঘটনা সংক্ৰান্তত কোকিলা পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কামত বাধা দিয়া লোকসকলক উচটনি দি অহা সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সভাপতি মন্তাজ আলীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে ।

লগতে পঢ়ক: Rupjyoti Kurmi on Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানৰ বিৰোধ কৰা সকলক জধামূৰ্খ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.