ETV Bharat / state

আই নদীৰ সুঁতিত উদ্ধাৰ সন্ধানহীনৰ মৃতদেহ

author img

By

Published : Aug 1, 2020, 8:27 PM IST

আই নদীৰ সুঁতিত উদ্ধাৰ সন্ধানহীনৰ মৃতদেহ
আই নদীৰ সুঁতিত উদ্ধাৰ সন্ধানহীনৰ মৃতদেহ

পৱিত্ৰ ঈদৰ দিনাই ভাণ্ডাৰাত অঘটন ৷ আই নদীৰ সুঁতিত উদ্ধাৰ এজনৰ মৃতদেহ ।

উত্তৰ অভয়াপুৰী, 1 আগষ্ট : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ ভাণ্ডাৰাত ঈদৰ দিনাই সংঘটিত হৈছে অঘটন । পানীত ভাহি থকা অৱস্থাত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । আই নদীৰ বাঢ়নী পানীৰ কোবাল সোঁতে 1নং ভাণ্ডাৰাৰ পাঁচ সন্তানৰ পিতৃ হানিফ আলী (৪৫)ক উটুৱাই লৈ যায় । হানিফ আলী শুকুৰবাৰৰ ৰাতিৰ পৰা নিৰুদ্দেশ হৈ থকাত বিভিন্নজনক খবৰ কৰে যদিও বাঢ়নী পানীৰ বাবে ভালকৈ খবৰ ল'ব পৰা নাছিল পৰিয়ালৰ লোকে ।

আই নদীৰ সুঁতিত উদ্ধাৰ সন্ধানহীনৰ মৃতদেহ

শনিবাৰে আবেলি আই নদীৰ বাঢ়নী পানীৰ সুঁতিৰে মৃতদেহ ভাঁহি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে । পিছত স্থানীয় লোকে মৃতদেহটো উদ্ধাৰ কৰি ঘেৰুকাবাৰীৰ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ সহযোগত মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । হানিফ আলীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । আই নদীৰ পানী সামান্য কমিছে যদিও মানাহ,মৰামানাহ আৰু পোকালাগী নৈৰ জলপৃষ্ঠ ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । উক্ত অঞ্চলটোত সদায় নতুন-নতুন অঞ্চল আই নদীৰ বানত প্লাৱিত হৈছে ৷

লগতে পঢ়ক : বৰখলাৰ জাঠিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.