ETV Bharat / state

তিলপুখুৰীৰ আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ

author img

By

Published : Jun 2, 2021, 4:39 PM IST

incomplete-bridge-inspection-mla-abdul-baten-khandkar-at-barghola-tilpukuri
আই নদীৰ বৰঘোলা তিলপুখুৰীস্থিত আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ

আই নদীৰ ওপৰত থকা বৰঘোলা কাহীবাৰী পাৰঘাটৰ দলঙৰ বুজ লয় বিধায়ক আব্দুল বাতেন খন্দকাৰে । পুনৰ আৰম্ভ কৰিব নিৰ্মাণকাৰ্য ।

উত্তৰ অভয়াপুৰী, 2 জুন : বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ ওপৰত বৰঘোলা তিলপুখুৰী পাৰঘাটত অৱস্থিত এখন আধৰুৱা দলঙৰ বুজ লয় বিধায়ক আব্দুল বাতেন খন্দকাৰে । ৪০ কোটি ৪৪ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি থকা দলংখন আজি দহ বছৰে সম্পূৰ্ণ হৈ উঠা নাই । ২০০৯ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছিল ।

আই নদীৰ বৰঘোলা তিলপুখুৰীস্থিত আধৰুৱা দলং পৰিদৰ্শন বিধায়ক আব্দুল বাতেন খন্দকাৰৰ

কিন্তু আই নদীৰ গতি সলনি কৰাত দলংখনৰ কাম আধৰুৱা হৈ পৰি আছে । নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতেন খন্দকাৰে অসম্পূৰ্ণ দলংখন পৰিদৰ্শন কৰি কামৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষৰ লগত আলোচনা কৰি পুণৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে । উল্লেখ্য যে, উক্ত দলংখনৰ বাবে প্ৰায় ৫০ খন গাঁৱৰ যাতায়ত আৰু আৰ্থ সামাজিক উন্নয়নত বাধাৰ সৃষ্টি হৈ আছে ।

লগতে পঢ়ক: এইবাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবনে মাজুলীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.