বঙাইগাঁৱত মুকলিকৈ চলিছে চুলাই মদৰ বেহা !

author img

By

Published : Sep 17, 2022, 10:24 PM IST

illegal liqure supply in Bongaigaon

বঙাইগাঁও জিলাৰ কীৰ্ত্তনপাৰা, মাণিকপুৰ চিৎকীবাৰী আৰু বৰপেটা জিলাৰ চান্দামাৰীত মুকলিকৈ অব্যাহত আছে চুলাই মদৰ বেহা (Illegal Liqure supply in Bongaigaon) ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে প্ৰতিদিনে চিৰাং জিলাৰ কাচদহা, বঙাইগাঁও জিলাৰ চিৎকীবাৰী আৰু বৰপেটা জিলাৰ চান্দামাৰীৰ পৰা মহিলা ব্যৱসায়ীসকলে জিলাখনৰ বিভিন্ন অঞ্চলত চুলাই মদৰ যোগান ধৰে ।

বঙাইগাঁও, 17 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ, চুলাই মদৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ তাৰ মাজতেই মুকলিকৈ বঙাইগাঁও জিলাৰ কীৰ্ত্তনপাৰা, মাণিকপুৰ চিৎকীবাৰী আৰু বৰপেটা জিলাৰ চান্দামাৰীতো চুলাই মদৰ বেহা অব্যাহত আছে (Illegal Liqure supply in Bongaigaon) ।

ঘটনা অনুসৰি, শনিবাৰে কাচদহাৰ পৰা কীৰ্ত্তনপাৰালৈ ই-ৰিক্সাৰে দুগৰাকী মহিলাই চুলাই মদ লৈ যোৱাৰ সময়তে পথত স্থানীয় ৰাইজে মহিলা দুগৰাকীক আবদ্ধ কৰি সোধ পোছ কৰে । অৱশ্যে ঘটনাস্থলীত ৰাইজৰ সমাগম হ’ব ধৰাত মহিলা দুগৰাকীয়ে বেগ ভৰ্তি মদ লৈ ই-ৰিক্সাৰ পৰা নামি পলায়ন কৰে ৷

বঙাইগাঁৱত মুকলিকৈ চলিছে চুলাই মদৰ বেহা

স্থানীয় ৰাইজৰ অভিযোগ মতে প্ৰতিদিনে চিৰাং জিলাৰ কাচদহা, বঙাইগাঁও জিলাৰ চিৎকীবাৰী আৰু বৰপেটা জিলাৰ চান্দামাৰীৰ পৰা মহিলা ব্যৱসায়ীসকলে জিলাখনৰ বিভিন্ন অঞ্চলত চুলাই মদৰ যোগান ধৰে । ফলত ক্ষোভিত হৈ স্থানীয় লোকসকলে অবৈধ চুলাই বিক্ৰেতা সকলক নাকি লগাবলৈ আবকাৰী বিভাগক আহ্বান জনাইছে ৷

লগতে পঢ়ক: মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.