ETV Bharat / state

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ পদযাত্ৰা 6 দিনীয়া পদযাত্ৰা

author img

By

Published : Feb 16, 2022, 1:33 PM IST

গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ নামত উন্নয়ন ব'ৰ্ড গঠন কৰাকে ধৰি বিভিন্ন দাবীৰ বিটিআৰত প্ৰতিবাদী পদযাত্ৰা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ (Garia maria deshi parishad rally in BTR) । ১২ ফেব্ৰুৱাৰীত সংগঠনটোৱে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ পৰা আৰম্ভ কৰে এই পদযাত্ৰাৰ । বুধবাৰে সৰভোগ আৰু মানিকপুৰত সংগঠনৰ সদস্যসকলক সম্বৰ্ধনা আঞ্চলিক সমিতিৰ ।

Protest
গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পদযাত্ৰা

মানিকপুৰ,১৬ ফেব্ৰুৱাৰী : গৰিয়া-মৰিয়া-দেশীসকলে বিভিন্ন সময়ত ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । কিন্তু এতিয়ালৈ তেওঁলোকৰ দাবীসমূহ সমাধান হোৱা নাই । যাৰবাবে পুনৰ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন সিদ্ধান্ত লৈছে সংগঠনটোৱে । সেই অনুসৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উদ্যোগত ৬ দিনীয়া কাৰ্যসূচীৰে বিশেষ প্ৰতিবাদী পদযাত্ৰা আয়োজন কৰা হৈছে (Garia maria deshi parishad rally in BTR)।

তাৰে অংশস্বৰূপে সংগঠনটোৰ সদস্যসকলে ১২ ফেব্ৰুৱাৰীত গোৰেশ্বৰৰ পৰা কোকৰাঝাৰলৈ এক পদযাত্ৰা বাহিৰ কৰে । মঙলবাৰে এই প্ৰতিবাদী সমদল আহি বঙাইগাঁৱৰ মানিকপুৰত উপস্থিত হয় । পদযাত্ৰাত অংশ লোৱাসকলক বুধবাৰে সৰভোগ আৰু মানিকপুৰত সংগঠনটোৰ আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ।

গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পদযাত্ৰা

উল্লেখ্য যে, বিটিআৰ অঞ্চলৰ বিভিন্ন জনগোষ্ঠীক ইতিমধ্যে মৰ্যদা প্ৰদান কৰা হৈছে যদিও একে ভূমিত বাস কৰা গৰিয়া, মৰিয়া আৰু দেশীসকলক চৰকাৰে মৰ্যদা প্ৰদান কৰা নাই । ইফালে ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক এলেকাৰ লগতে বি টি আৰ অঞ্চলত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাও তেওঁলোকৰ অন্যতম দাবী । ইয়াৰ লগতে লগতে গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীৰ নামত উন্নয়ন ব'ৰ্ড গঠন কৰা আদি কেইবাটাও দাবীৰে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক :কাৰ বিৰুদ্ধে থানাত এজাহাৰ দিলে ৰূপজ্যোতি কুৰ্মীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.