ETV Bharat / state

শংকটৰ গৰাহত বাঘেখাইটি গাঁও

author img

By

Published : Jul 5, 2021, 5:29 PM IST

শংকটৰ গৰাহত বাঘেখাইটি গাঁও
শংকটৰ গৰাহত বাঘেখাইটি গাঁও

নৈপৰীয়া অঞ্চললৈ নামিছে সংকট ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ নসত্ৰ বাঘেখাইটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘেখাইটি গাঁৱত মানাহ নৈয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে । ফলত শতাধিক লোকে ঘৰ-দুৱাৰ, মাটি-সম্পত্তি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ পৰিছে । কিন্তু এই ক্ষেত্ৰত নিমাত বিভাগীয় কৰ্তৃপক্ষ ৷ এই অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

অভয়াপুৰী, 5 জুলাই : সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে ভৰ বাৰিষা । কিছুদিন পিচতেই বানৰ কৱলত পৰিব ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ তাৰ পূৰ্বেই ৰাজ্যবাসীৰ বাবে ভূতৰ ওপৰত দানৱৰ ৰূপত দেখা দিছে গৰাখহনীয়াই । যাৰ ফলত আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷

ক্ৰমান্বয়ে মানাহ আৰু আই নদীৰ জলপৃষ্ঠ কমি আহিছে ৷ কিন্তু অসমৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ নসত্ৰ বাঘেখাইটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘেখাইটি গাঁৱত আৰম্ভ হৈছে মানাহ নৈৰ তীব্ৰ গৰাখহনীয়া । ফলত শতাধিক লোকে ঘৰ-দুৱাৰ, মাটি-সম্পত্তি সকলো হেৰুৱাই এতিয়া সৰ্বহাৰা হৈ পৰিছে ।

বঙাইগাঁও জিলাৰ বাঘেখাইটি বৃহত্তৰ অঞ্চলত গৰাখহনীয়াই প্ৰৱল ৰূপ ধাৰণ কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ।

ইতিমধ্যে মানাহ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত বাঘেখাইটি গাঁৱৰ অধিকাংশই উটুৱাই লৈ গৈছে । বছৰ বছৰ ধৰি মানাহ নৈৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত বহু লোক ঘৰ-বাৰী এৰি অন্য স্থানলৈ যাব লগাত পৰিছে । এক প্ৰকাৰে অস্তিত্বৰ শংকটত ভোগীছে এইবাৰ বাঘেখাইটি গাঁৱৰ ৰাইজ ৷

শংকটৰ গৰাহত বাঘেখাইটি গাঁও

বাঘেখাইটি গাঁৱৰ চিকিৎসালয়, শিক্ষানুষ্ঠান, মছজিদ আদিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে নৈপৰীয়া ৰাইজে । যিকোনো মূহুৰ্ততে নৈত উছন হ’ব পাৰে বাঘেখাইটি গাঁৱৰ অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ ৷ এই ক্ষেত্ৰতত বিভাগীয় কৰ্তৃপক্ষক অতি শীৰ্ঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে ৷

গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি, বৰ্তমানলৈকে চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা হাতত লোৱা নাই । নৈৰ খহনীয়াৰ ফলত গৃহ হাৰা লোকসকলক সংস্থাপনৰ বাবে আজি পৰ্যন্ত কোনো ব্যৱস্থাই ন'ললে প্ৰশাসন কিম্বা চৰকাৰে । মুঠৰ ওপৰত সম্প্ৰতি বাঘেখাইটি গাঁওবাসীৰ বাবে সংস্থাপন এতিয়া ডাঙৰ প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক: অইলৰ কৰ্মচাৰীৰ বিপণীত ওলাল বিলাতী সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.