ETV Bharat / state

আই নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা হ’ব: আব্দুল বাতেন খন্দকাৰ

author img

By

Published : Jun 2, 2021, 9:03 PM IST

aai river erision will control very soon
আই নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা হ’ব : বিধায়ক আব্দুল বাতেন খন্দকাৰ

৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ গৰাখহনীয়া পৰিদৰ্শন । গৰাইমাৰী, জামদহা, ভাণ্ডাৰা, তিলপুখুৰী, টেণ্টনপুৰ, সৃজনগ্ৰাম আৰু কাছাৰপেটী আৰু আমবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়কগৰাকীৰ ৷

অভয়াপুৰী, 2 জুন : বছৰ বছৰ ধৰি বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰি মানুহৰ ঘৰ-দুৱাৰৰ লগতে কৃষিভূমি খহাই নিছে । প্ৰতিবছৰে এখনৰ পিছত আন গাওঁ আই নদীৰ বুকুত বিলীন হৈ গৈছে ৷

তাৰ পিছতো জনপ্ৰতিনিধি বা জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । বুধবাৰে উত্তৰ অভয়াপুৰী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰে গৰাইমাৰী, জামদহা, ভাণ্ডাৰা, তিলপুখুৰী, টেণ্টনপুৰ, সৃজনগ্ৰাম আৰু কাছাৰপেটী আৰু আমবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । বিধায়কজনে গৰাখহনীয়া ৰোধ কৰিবলৈ জলসম্পদ মন্ত্ৰী আৰু জিলা উপায়ুক্তৰ লগত আলোচনা কৰিছে বুলি মন্তব্য কৰে ৷

আই নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰা হ’ব : বিধায়ক আব্দুল বাতেন খন্দকাৰ

বিধায়কজনে জলসম্পদ বিভাগৰ লগতে খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত প্ৰতিনিধিক লগত লৈ বুধবাৰে পুৱা কাছাৰপেটীত উপস্থিত হয় । গৰা খহনীয়াত জাহ যোৱা ২ শতাধিক লোকৰ কিছুমানে চৰকাৰী সাহাৰ্য লাভ কৰিছে যদিও নোপোৱা লোকক শীঘ্ৰে সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷

আনহাতে, মুখ্যমন্ত্ৰীয়ে বান মুক্ত অসম গঢ়াৰ যি আঁচনি হাতত লৈছে তাত প্ৰথমে আই নদীৰ খননৰ ব্যৱস্থা হাতত ল’ব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ বানপানী ৰোধ কৰাৰ বাবে বিধায়কগৰাকীৰ তৎপৰতাক ৰাইজে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : এগৰাকী নাৰ্চৰ বিৱৰণী: শৌচাগাৰত সোমাইহে মই কোনোমতে বাচি আহিলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.