ETV Bharat / state

Bongaigaon SP Conference: আৰক্ষী অধীক্ষক সন্মিলনৰ সামৰণি; সংবাদমেলত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 29, 2023, 10:36 PM IST

অন্ত পৰিল বঙাইগাঁৱত অনুষ্ঠিত চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনৰ ৷ বৈঠকত অংশগ্ৰহণ কৰাৰ পাচত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷ এতিয়াৰে পৰা আউটপোষ্ট, পেট্ৰলিং পোষ্ট থানালৈ উন্নীত হ'ব ৷ পৰৱৰ্তী আৰক্ষী অধীক্ষক সন্মিলন হ’ব যোৰহাটত ৷ ছেপ্টেম্বৰৰ পৰা পুনৰ চলিব বাল্য বিবাহৰ বিৰুদ্ধে অভিযান ৷

Bongaigaon SP Conference
Bongaigaon SP Conference

এতিয়াৰে পৰা আউটপোষ্ট, পেট্ৰলিং পোষ্ট থানালৈ উন্নীত হ'ব

বঙাইগাঁও, ২৯ জুলাই: বঙাইগাঁও চহৰৰ আৰক্ষী অভিবৰ্তন কেন্দ্ৰত দুদিনীয়াকৈ অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ আজি সামৰণি পৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আয়োজন কৰি আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ব্যক্ত কৰাৰ লগতে পৰৱৰ্তী দিনত বিষয়সমূহ ৰূপায়ণ কৰা হ’ব বুলি প্ৰকাশ কৰে ৷

অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত দিনত কাজিৰঙা কঁহৰা, দুলীয়াজান, ডেৰগাঁৱৰ পাচত বঙাইগাঁৱত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হোৱাৰ পাচত পৰৱৰ্তী পঞ্চম সন্মিলন খনি অহা ছমাহৰ ভিতৰত ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই সন্মিলনৰ জৰিয়তে অসমৰ অপৰাধ প্ৰৱণতা ৰোধ কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি কয় ৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ গোচৰৰ ভিত্তিত চাৰ্জশ্বিট সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে শিশু আৰু মহিলাৰ ওপৰত হোৱা অপৰাধৰ ওপৰতো বিশেষভাৱে আলোচনা কৰা হয় বুলি ব্যক্ত কৰে ৷ বিগত ২০২১ চনৰ তুলনাত ২০২২ চনত অসমত গোচৰৰ সংখ্যা হ্ৰাস হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমত শিশু আৰু মহিলাৰ ওপৰত হোৱা অপৰাধ প্ৰৱণতা দ্ৰুত গতিত কমিছে বুলি উল্লেখ কৰে ৷

অৱশ্যে এন চি পি বিৰ (National Crime Records Bureau) ৰিপ’ৰ্ট পালে ইয়াৰ ওপৰত তথ্য পোৱা যাব বুলি কয় ৷ মুখ্যমন্ত্ৰীয়ে বিগত দিনত চৰকাৰে লোৱা পদক্ষেপৰ পাচত বাল্য বিবাহ যথেষ্ট কমিছে বুলি উল্লেখ কৰে ৷ আৰক্ষী অধীক্ষক সকলে বাল্য বিবাহ বৰ্তমান নাই বুলি কোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে এই বাল্য বিবাহ একেবাৰে শূন্য কৰিব লাগিব বুলি সকীয়নি দিয়াৰ লগতে অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ অভিযান চলাই যাবলৈ আৰক্ষী অধীক্ষকসকলক শূন্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে ৷

ড্ৰাগছৰ ওপৰতো কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশনা দিয়াৰ কথা উল্লেখ কৰে ৷ অসমত বৰ্তমান প্ৰায় ২৫০ আউট পোষ্ট, পুলিচ পেট্ৰলিং পোষ্ট আছে ৷ কেছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা সকলো আউট পোষ্ট পেট্ৰলিং পোষ্টক উন্নীত কৰি থানালৈ ৰূপান্তৰ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ অসমত চাৰিশ থানা আছে যদিও নতুন থানা স্থাপনৰ সিদ্ধান্ত লোৱা নহ’ব বুলিও তেওঁ সংবাদ মেলত অৱগত কৰে ৷

একেদৰে আৰ্মি স্কুলৰ দৰে অসমত আৰক্ষীৰ ল'ৰা-ছোৱালীক শিক্ষাদানৰ বাবে আৰক্ষী বিষয়াসকলৰ পত্নীসকলৰ দ্বাৰা পৰিচালিত হোৱালৈ লক্ষ্য ৰাখি পুলিছ মডেল হাইস্কুল খোলাৰ সিদ্ধান্ত লোৱাৰ কথাও তেওঁ সংবাদ মেলত সদৰী কৰে ৷ এই বিদ্যালয়সমূহত আন ব্যক্তিৰ ল’ৰা-ছোৱালীয়েও পঢ়াৰ সুবিধা পাব বুলিও তেওঁ উল্লেখ কৰে ৷

আৰক্ষীৰ ডি এ, পদোন্নতি আদি বিভিন্ন বিষয়তো আলোচনা কৰি প্ৰতি তিনি মাহৰ ভিতৰত এই দিশটো পৰ্যালোচনা কৰা হ’ব আৰু ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব লোৱা সকলৰ বাবে অক্টোবৰত নতুন মকৰলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷ আৰ্মি, চি আৰ পি এফৰ দৰে অসম চৰকাৰে পৰৱৰ্তী দিনত নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু অন্য সামগ্ৰী লাভৰ বাবে আৰক্ষী কেন্টিন প্ৰতিখন জিলাতে স্থাপন কৰাৰ কথাও তেওঁ সংবাদ মেলত জানিবলৈ দিয়ে ৷

ইফালে, লাভ জিহাদ সম্পৰ্কীয় দিশত ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে মুছলমান যুৱকে মুছলমান যুৱতী বিয়া পতা উচিত বুলি ব্যক্ত কৰি হিন্দু যুৱকে হিন্দু যুৱতী বিয়া পতা উচিত বুলি মন্তব্য কৰি মুছলমান কাজিয়ে হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ বিয়া পাতি দিব নোৱাৰে বুলি উল্লেখ কৰি হিন্দু পুৰোহিতে হিন্দু যুৱক আৰু মুছলমান যুৱতীৰ বিয়া পাতি দিব নোৱাৰে বুলিও তাৎপৰ্য মন্তব্য কৰে ৷

মুছলমান যুৱতীয়ে হিন্দু যুৱকৰ ঘৰত আহিলে পৰিৱেশ মিলাব নোৱাৰে, একেদৰে হিন্দু যুৱতীয়ে মুছলমান যুৱকৰ ঘৰলৈ গলে পৰিৱেশৰ লগত চলিব নোৱাৰে ৷ সেয়েহে অসমৰ হিন্দু মুছলমানৰ মাজত পূৰ্বৰ দৰে সদ্ভাৱ মিলাই চলিবলৈ আহ্বান জনায় ৷ মুখ্যমন্ত্ৰীয়ে ৰহিংগাৰ প্ৰত্যাবৰ্তন অসমৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি ইয়াৰ বাবে প্ৰতিৰোধ গঢ়ি তোলা হ'ব বুলি তেওঁ মত ব্যক্ত কৰে ৷

লগতে পঢ়ক: Rohingya infiltration: ৰহিংগীয়া অনুপ্ৰৱেশৰ কৰিডৰ অসম; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.