ETV Bharat / state

Welcome gate inaugurated : বটিয়ামাৰীত প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ উদ্বোধন

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:15 PM IST

Welcome gate inaugurated
প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ উদ্বোধন

বিহালীৰ বটিয়ামাৰীত প্ৰাথমিক বিদ্যালয়ৰ তোৰণ আৰু চৌহদৰ পকী বেৰা উদ্বোধন খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ ৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা বিষয়াগৰাকীয়ে এই পদক্ষেপৰ শলাগ লয় ৷

বিশ্বনাথ, ১৯ অক্টোবৰ : বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত বটিয়ামাৰীৰ পবিত্ৰা দেৱী প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত তোৰণ আৰু চৌহদৰ পকীবেৰা বৃহস্পতিবাৰে উদ্বোধন কৰে বিহালীৰ খণ্ড শিক্ষা বিষয়া নৱৰত্ন কাকতীয়ে ৷ বটিয়ামাৰীৰ ঘিমিৰে আত্মসহায় গোটৰ দান-বৰঙণিৰে নিৰ্মিত 'গংগাধৰ-কৰুণাকৰ উপাধ্যায় স্মৃতি তোৰণ' খনৰ উপৰিও স্থানীয় ৰাইজ, শুভাকাংক্ষীৰ দান-বৰঙণিৰে নিৰ্মিত এশ ত্ৰিশ ফুট দৈৰ্ঘ্যৰ বিদ্যালয় চৌহদৰ পকীবেৰাখনো উদ্বোধন কৰে শিক্ষা বিষয়াগৰাকীয়ে ৷

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা বিষয়াগৰাকীয়ে এই পদক্ষেপৰ শলাগ লয় ৷ তেওঁ কয় যে, বিদ্যালয় এখন সমাজৰ শিক্ষিত আৰু সমাজমুখী ব্যক্তি, অনুষ্ঠান আৰু শুভাকাংক্ষী সকলৰ চিন্তাধাৰাৰে পৰিচালিত হ'লে বিদ্যালয়খনৰ পৰিৱেশ আৰু শিক্ষাব্যৱস্থাই উত্তৰণ ঘটাব পাৰে ৷ এই ক্ষেত্ৰত ঘিমিৰে আত্মসহায় গোট, স্থানীয় দাতা আৰু ৰাইজ এই কাৰ্যৰ বাবে ধন্যবাদৰ পাত্ৰ বুলি মন্তব্য কৰে তেওঁ ৷

বটিয়মাৰীৰ সমাজকৰ্মী প্ৰেম প্ৰসাদ উপাধ্যায়ে সভাপতিত্ব কৰা আৰু পৱিত্ৰা দেৱী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভুৱন ঘোৰ্ছান ছেত্ৰীয়ে আঁ‌ত ধৰা এই সভাত পকীবেৰাৰ অন্যতম দাতা, সমাজকৰ্মী ৰঞ্জন চাপকটাৰ হৈ তেখেতৰ পিতৃ কুলনাথ চাপকটাই আদৰণি গ্ৰহণ কৰে ৷ তদুপৰি চৌহদৰ পকীবেৰাৰ বাবে দান-বৰঙণি আগবঢ়োৱা মুঠ ৪১ গৰাকী ব্যক্তিক একোখন গামোচাৰে আদৰণি আৰু কৃতজ্ঞতা জনোৱা হয় ৷

উল্লেখযোগ্য যে, বটিয়ামাৰীৰ ব্যৱসায়ী ভুৱন ঘোৰ্ছান, সমাজসেৱী প্ৰেম প্ৰসাদ উপাধ্যায় আৰু সন্তোষ ঘিমিৰেৰ চিন্তা, পৰিকল্পনা আৰু উদ্যোগ তথা নেৰানেপেৰা প্ৰচেষ্টাত বাস্তৱ ৰূপ লোৱা বিদ্যালয়খনৰ তোৰণ আৰু পকীবেৰা নিৰ্মাণ কাৰ্যত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷ এই অনুষ্ঠানত বটিয়ামাৰী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ ৰয়, ঘিমিৰে আত্মসহায় গোটৰ অন্যতম সদস্য, অৱসৰপ্ৰাপ্ত শিক্ষক মোহন উপাধ্যায়, গোটৰ সম্পাদক ৰূপেশ্বৰ ঘিমিৰেৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলে অংশগ্ৰহ কৰে ৷ ৰাইজৰ হৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভুৱন ঘোৰ্ছান ছেত্ৰীয়ে বিদ্যালয়খনৰ বিভিন্ন অভাৱ-অভিযোগ, বিশেষকৈ শিক্ষকৰ অভাৱৰ বিষয়ে উল্লেখ কৰি সভাত বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : Assam School Dropout : অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.