ETV Bharat / state

বিশ্বনাথত ভয়ংকৰ পথ দূৰ্ঘটনাঃ থিতাতে নিহত দুই যুৱক

author img

By

Published : May 31, 2020, 3:58 PM IST

two youths died in a road accident in biswanath
two youths died in a road accident in biswanath

শনিবাৰে নিশা প্ৰায় ৮ বজাত বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দূৰ্ঘটনা ৷ এই দূৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে নিহত হয় দুজনকৈ যুৱক ৷

বিশ্বনাথ ৩১ মে': বিশ্বনাথৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা ৷ দূৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ যুৱক ৷ নিহত যুৱক দুজন ক্ৰমে বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ কুশল কলিতা আৰু শিৱসাগৰৰ ৰমেন গগৈ বুলি জানিব পৰা গৈছে ৷

প্ৰত্যক্ষদৰ্শীৰ মতে, পথৰ কাষতে ৰাখি থোৱা এখন সামগ্ৰী কঢ়িওৱা বাহনত তীব্ৰ বেগত অহা AS-12 C-3570 নম্বৰ বাইকখনে খুন্দা মাৰে ৷ ঘটনাস্থলীত বিশ্বনাথ চাৰিআলি যান-বাহন শাখাৰ আৰক্ষীৰ দল উপস্থিত হৈ আহত দুই বাইক আৰোহীক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও, চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে ৷

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত দুই যুৱক

নিহত ৰমেন গগৈ পাৱাৰগ্ৰীডৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ আনহাতে নিহত কুশল কলিতা বিশ্বনাথ চাৰিআলি সদৌ অসম ছাত্র সন্থাৰ এজন সক্ৰিয় সদস্য হোৱাত, দেওবাৰে দিনৰ ১২.৩০ বজাত মৃতদেহটো বিশ্বনাথ চাৰিআলি আছু কাৰ্যালয়ৰ সন্মুখত সদস্য সকলে শেষ শ্ৰদ্ধাঞ্জলি জনায় ৷

লগতে পঢ়কঃ গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.