ETV Bharat / state

আজি বিহালী, গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Mar 15, 2021, 10:50 AM IST

বিহালী, গহপুৰলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ লক্ষ্যৰে বিশ্বনাথ জিলাৰ বিহালী আৰু গহপুৰত উপস্থিত হ'ব নেডাৰ আহ্বায়ক গৰাকী । ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । ইফালে, ৭৮ নং গহপুৰ বিধান সভা সমষ্টিতো বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

বিশ্বনাথ, ১৫ মাৰ্চ: তুংগত উঠিছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ । ৰাজ্যত এতিয়া আৰম্ভ হৈছে ভোটাৰৰ মন জয় কৰাৰ প্ৰতিযোগীতা ৷ ইতিমধ্যে ঘোষণা কৰা হৈছে বিজেপিৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা ৷ এই তালিকা ঘোষণা হোৱাৰ পাছতে ভোটাৰক আকৃষ্ট কৰাৰ বাবে সকলো নেতা উঠি পৰি লাগিছে । ৰাজ্যৰ অন্যতম সমষ্টি বিহালীতো চলিছে ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ ব্যাপক প্ৰস্তুতি । সোমবাৰে বিশ্বনাথ জিলাৰ বিহালী আৰু গহপুৰলৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ নেডাৰ আহ্বায়ক তথা স্বাস্থ্য, শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব ।

স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
স্বাস্থ্য, শিক্ষা মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১১ বজাত উপস্থিত হ'ব বিহালী সমষ্টিৰ বেদিতীৰ ভূপেন হাজৰিকা মুকলি মঞ্চত । ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বিজেপি মনোনীত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । বিহালী সমষ্টিৰ যুৱকসকলৰ সৈতে বাইক ৰেলীত অংশগ্ৰহণ কৰি পূৱ বিহালী অঞ্চলত ৰেলীৰ জৰিয়তে প্ৰচাৰ চলাব । ইফালে, বিহালীৰ পাছত বিয়লি ৪ বজাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৭৮ নং গহপুৰ বিধান সভা সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ।

লগতে পঢ়ক: শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.