ETV Bharat / state

Tense Situation in Bisawanath: সভাৰ মাজতে দবৰা দবৰি; সমবায় সমিতিৰ সভাপতিক আটক

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:02 AM IST

Tense Situation in Bisawanath
সমবায় সমিতিৰ সভাপতি লিপ্ত পৰ্বতসম দুৰ্নীতিৰ

বিশ্বনাথৰ দগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ সমবায় সমিতিৰ এখন সভাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনা ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

সমবায় সমিতিৰ সভাপতি লিপ্ত পৰ্বতসম দুৰ্নীতিৰ

বিশ্বনাথ, 24 ছেপ্টেম্বৰ : সমবায় সমিতিৰ এখন সভাক কেন্দ্ৰ কৰি বিশ্বনাথৰ দগাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুই ফৈদৰ মাজত মাৰপিটৰ দৰে ঘটনা সংঘটিত হয় ৷ ৰাইজৰ অভিযোগ অনুসৰি, বিশ্বনাথ দগাঁও কৃষি পাম সমবায় সমিতিৰ সভাপতি প্ৰদ্যুত হাজৰিকাই দুৰ্নীতি সংঘটিত কৰিছে ৷

ৰাইজৰ অভিযোগ অনুসৰি প্ৰতি বছৰে উক্ত সমবায় সমিতিৰ সভা ৰাজহুৱা নামঘৰত অনুষ্ঠিত কৰি আহিছিল । কিন্তু উক্ত সমবায়ৰ সভাপতি প্ৰদ্যুত হাজৰিকাই একনায়কত্ববাদ চলাই আছে ৷ ফলত শনিবাৰে উক্ত সমবায়তে অনুষ্ঠিত কৰিছিল এখন সভা । যাক লৈ স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে । পৰিস্থিতি এনে পৰ্যায় পাই যে সভাপতি গৰাকীৰ সহযোগী আৰু স্থানীয় ৰাইজৰ মাজত মাৰপিটৰ সৃষ্টি হয় ৷

এই মাৰপিটৰ সময়ত উক্ত সমবায়ৰ সভাপতি গৰাকী আহত হোৱাৰ লগতে সভাকক্ষত থকা চকী টেবুল ভাঙি পেলাই উত্তেজিত ৰাইজে । পৰৱৰ্তী সময়ত বিশ্বনাথ আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ আনহাতে স্থানীয় লোকৰ মতে উক্ত সমবায়খনৰ সভাপতি প্ৰদ্যুত হাজৰিকা এগৰাকী শিক্ষক তথা চৰকাৰী কৰ্মচাৰী, তথাপিও 15 বছৰ ধৰি প্ৰদ্যুত হাজৰিকাই উক্ত সমবায় সমিতিখনৰ সভাপতিৰ চকীখন দখল কৰি একনায়কত্ববাদ চলাই আছে ।

ৰাইজৰ এই অভিযোগৰ বিপৰীতে উক্ত সমবায় সমিতিৰ সভাপতিৰ বিপৰীত মন্তব্য ৷ তেওঁ কয়, ‘‘পূৰ্বতে উক্ত সমবায়খন অচল অৱস্থাত আছিল । মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিচতে উক্ত সমবায়খন বহু ক্ষেত্ৰত উন্নয়নমূলক কাম-কাজ কৰি সাফল্য লাভ হৈছে ৷ এতিয়া কিছু সদস্যৰ সমবায়ৰ উন্নয়নত চকুত পৰিছে । আনফালে, কেইবাগৰাকী সদস্যৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছিল । যাৰ বাবে একাংশ সদস্যৰ পৰিয়ালৰ লোকে সভা চলি থকা সময়ত এনে পৰিৱেশৰ সৃষ্টি কৰিলে ।’’

উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত বিশ্বনাথ আৰক্ষীয়ে সভাপতিগৰাকীক আটক কৰে । ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৷

লগতে পঢ়ক:Best Tourism Village of India : শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাবে স্বীকৃতি লাভ বিশ্বনাথ ঘাটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.