ETV Bharat / state

ৰঙাপাৰাত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ দহ কিশোৰ-কিশোৰী

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 11:05 PM IST

Human Trafficking in Biswanath: বিশ্বনাথত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ দহ কিশোৰ-কিশোৰী ৷ মাহে দহ হাজাৰকৈ টকা দিয়াৰ প্ৰলোভন দিয়া হৈছিল ভুক্তভোগীৰ পৰিয়ালকেইটাক ৷

Human Traffick Biswanath
ৰঙাপাৰা ৰে’ল ষ্টেছনৰ পৰা উদ্ধাৰ দহগৰাকী কিশোৰ-কিশোৰী

বিশ্বনাথ, ৯ জানুৱাৰী: মঙলবাৰে ৰঙাপৰা ৰে’ল ষ্টেশ্যনৰ পৰা উদ্ধাৰ কৰা হয় দহগৰাকী কিশোৰ-কিশোৰী ৷ সমান্তৰালকৈ আৰক্ষীয়ে দুই মানৱ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপাৰা ৰে’ল ষ্টেশ্যনত চলোৱা অভিযানত মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰে কিশোৰ-কিশোৰীকেইগৰাকীক ৷

বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়া থানাৰ অন্তৰ্গত জিনজিয়া চাহ বাগিচা আৰু ৰতোৱা অঞ্চলৰ পৰা দুই মানৱ সৰবৰাহকাৰীয়ে দহগৰাকী কিশোৰ-কিশোৰীক বহিঃৰাজ্যত কাম দিয়াৰ প্ৰলোভন দি ৰে’লযোগে বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে ৷

কিশোৰ-কিশোৰী কেইগৰাকীক বহিঃৰাজ্যলৈ নিবলৈ লোৱাৰ সময়তে বিশ্বনাথ আৰক্ষীৰ এটা দলে অভিযান চলাই তেওঁলোকক উদ্ধাৰ কৰে ৷ ইতিমধ্যে বিহালীৰ জিনজিয়া আৰক্ষী থানাত কিশোৰ-কিশোৰী কেইগৰাকীক নিজৰ জিম্মাত ৰাখি অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মানৱ সৰবৰাহকাৰীকো অধিক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সূত্ৰমতে মানৱ সৰবৰাহ কাৰ্যত অধিক লোক থকাৰ সন্দেহ কৰা হৈছে ৷ অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে মানৱ সৰবৰাহৰ ঘটনা সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই ৷ সূত্ৰমতে মানৱ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰী ক্ৰমে হাফিছ খান আৰু সুৰেশ নাগ বুলি জানিব পৰা গৈছে ৷

সৰবৰাহকাৰীৰ জালত ভৰি দিয়া এগৰাকী কিশোৰৰ অভিভাৱকে জানিবলৈ দিয়া অনুসৰি দিল্লীত কাম দিয়াৰ প্ৰলোভন দিয়া হৈছিল ৷ আন এগৰাকী অভিভাৱকৰ মন্তব্য অনুসৰি মাহে দহ হাজাৰকৈ টকা দিম বুলি লৈ যোৱা হৈছিল কিশোৰ-কিশোৰীসকলক ৷ উল্লেখ্য যে বিশেষকৈ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহৰ কিশোৰ-কিশোৰীসকলক লক্ষ্য কৰি লোৱা দেখা গৈছে মানৱ সৰবৰাহকাৰীয়ে ৷

লগতে পঢ়ক: যোৰহাটত দুৰ্ঘটনাত পতিত অবৈধভাৱে পশুধন কঢ়িওৱা গাড়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.