ETV Bharat / state

যোৰহাটত দুৰ্ঘটনাত পতিত অবৈধভাৱে পশুধন কঢ়িওৱা গাড়ী

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 4:23 PM IST

Cattle Syndicate in Assam: ৰাজ্যত অব্যাহত আছি গোধনৰ অবৈধ সৰবৰাহ ৷ মঙলবাৰে যোৰহাটত দুৰ্ঘটনাত পতিত হ’ল গৰুভৰ্তি এখন বাহন ৷ বাহনখনৰ নাই যাৱতীয় নথি-পত্ৰ ৷

Cattle Syndicate in Assam
গৰুভৰ্তি গাড়ী যোৰহাট
যোৰহাটত দুৰ্ঘটনাত পতিত অবৈধভাৱে পশুধন কঢ়িওৱা গাড়ী

যোৰহাট, 9 জানুৱাৰী: অবৈধভাৱে কয়লা, গৰু আদি কঢ়িওৱা বাহন সঘনাই দুৰ্ঘটনাগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে ৷ দেৰগাঁৱৰ দুৰ্ঘটনাৰ পিচতো ৰাজ্যত অবৈধভাৱে চলাচল কৰি থকা একাধিক বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ যোৰহাটতো দুৰ্ঘটনাত পতিত হ’ল অবৈধভাৱে পশুধন কঢ়িওৱা এখন গাড়ী ৷

দুৰ্ঘটনাটোৱে উদঙাইছে ৰাজ্যত অব্যাহত থকা গৰুৰ ছিণ্ডিকেটৰ ভয়াৱহ ছবিখন ৷ লাভ কৰা তথ্য অনুসৰি উজনি অসমৰ পৰা নাগালেণ্ডলৈ অবৈধভাৱে সৰবাহ হৈ আছে পশুধন । অৰ্থাৎ উজনি অসমত গৰুৰ ছিণ্ডিকেট বৰ্তমানেও অব্যাহত আছে ৷ যাৰ বাবে যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ দেবেৰাপাৰত মঙলবাৰে আৰক্ষীয়ে জব্দ কৰে এখন গৰুভৰ্তি বাহন ।

আৰক্ষী চকুত ধূলি দি আৰু একাংশক মেনেজ কৰি উজনিৰ বিভিন্ন প্ৰান্তৰ পৰা নাগালেণ্ডলৈ দৈনিক সৰবৰাহ কৰি থকা হৈছে গৰু ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ তথা পশু সুৰক্ষা আইনক বৃদ্ধাঙুলি প্ৰদৰ্শন কৰি একাংশই আৰক্ষীক মেনেজ কৰি পশুধন সৰবৰাহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে মঙলবাৰে তিনিচুকীয়াৰ পৰা মৰিয়নী হৈ নাগালেণ্ডলৈ পশুধন সৰবৰাহ কৰি থকা অৱস্থাত দেবেৰাপাৰত দুৰ্ঘটনাত পতিত হয় গৰুভৰ্তি বাহনখন । আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাহনখনৰ লগতে জব্দ কৰে ৭ টাকৈ পশুধন ৷ তাপৰ্যপূৰ্ণ যে পশুধনসহ আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ যিসমূহ নথি-পত্ৰ থাকিব লাগে সেইসমূহ নথি-পত্ৰ নাই ।

যাৱতীয় নথি-পত্ৰ অবিহনে কেনেকৈ তিনিচুকীয়াৰ পৰা পশুধন সৰৱাহ কৰা এখন গাড়ী বিভিন্ন আৰক্ষী থানা আৰু আৰক্ষী চকীৰ সন্মুখেদি পাৰ হৈ মৰিয়নি পালেহি তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । একাংশই অভিযোগ কৰা অনুসৰি আৰক্ষীক মেনেজ কৰি এনেধৰণৰ অসাধু চক্ৰই দৈনিক উজনিৰ বিভিন্ন পান্তৰ পৰা কাষৰীয়া নাগালেণ্ডৰ লগতে অন্য স্থানলৈ গৰু সৰবৰাহ কৰি থকা হৈছে ৷

লগতে পঢ়ক: চকু মুদা কুলিৰ ভাৱত আৰক্ষী : চিত্ৰহাৰৰ নামত চলিছে জুৱাৰ লগতে অশ্লীল নৃত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.