ETV Bharat / state

উত্তৰ প্ৰদেশত উদ্ধাৰ বিশ্বনাথৰ পৰা সন্ধানহীন মহিলাসহ কন্যা

author img

By

Published : Oct 5, 2020, 11:00 PM IST

Girl child with missing woman Rescue at  Uttar Pradesh
উত্তৰ প্ৰদেশত উদ্ধাৰ বিশ্বনাথৰ পৰা সন্ধানহীন মহিলাসহ কন্যা

অৱশেষত উত্তৰ প্ৰদেশত উদ্ধাৰ কৰা হ'ল সন্ধানহীন তিনিগৰাকী মহিলা সহ এগৰাকী কন্যাক ৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে বিহালীৰ মোনাবাৰী ক'ল বস্তিৰ পৰা লাহৰিজানস্থিত মোনাবাৰী চাহ বাগিছাৰ চিকিৎসালয়লৈ যোৱা অৱস্থাত নিৰুদ্দেশ হৈছিল তিনিগৰাকী মহিলা সহ কন্যাগৰাকী ৷

বিশ্বনাথ,5 অক্টোবৰঃ বিশ্বনাথ জিলা আৰক্ষীৰ বৃহৎ সাফল্য ৷ অৱশেষত উত্তৰ প্ৰদেশত উদ্ধাৰ কৰা হ'ল সন্ধানহীন তিনিগৰাকী মহিলাসহ এগৰাকী কন্যাক ৷ জানিব পৰা মতে, কিছুদিন পূৰ্বে বিহালীৰ মোনাবাৰী ক'ল বস্তিৰ পৰা লাহৰিজানস্থিত মোনাবাৰী চাহ বাগিছাৰ চিকিৎসালয়লৈ যোৱা অৱস্থাত নিৰুদ্দেশ হৈছিল তিনিগৰাকী মহিলাসহ কন্যাগৰাকী ৷ এই ঘটনাৰ পিছতে সমগ্ৰ বিহালীত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷

Girl child with missing woman Rescue at  Uttar Pradesh
উত্তৰ প্ৰদেশত উদ্ধাৰ বিশ্বনাথৰ পৰা সন্ধানহীন মহিলাসহ কন্যা

তদুপৰি কণ-কণ সন্তান এৰি থৈ একেলগে তিনিগৰাকীকৈ মহিলা অঞ্চলটোৰ পৰা দিন দুপৰতে অন্তৰ্ধান হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছিল আটছাকে ধৰি বিভিন্ন দল-সংগঠন ।ইয়াৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পৃথকে-পৃথকে এজাহাৰ দাখিল কৰিছিল জিনজিয়া আৰক্ষী থানাত । এই এজাহাৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষী আৰু জিনজিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিওগৰাকী মহিলাসহ কন্যাগৰাকীক ৷

Girl child with missing woman Rescue at  Uttar Pradesh
উত্তৰ প্ৰদেশত উদ্ধাৰ বিশ্বনাথৰ পৰা সন্ধানহীন মহিলাসহ কন্যা

আনহাতে দেওবাৰে নিশাই বিশ্বনাথত আহি উপস্থিত হয় মহিলাকেইগৰাকীসহ কন্যাগৰাকী ৷ইপিনে আৰক্ষীৰ এই সফলতাক এতিয়া একেমুখে শলাগ লৈছে বিশ্বনাথ জিলাৰ বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.