ETV Bharat / state

ভাল খবৰ : শীঘ্ৰে কৃষি বিভাগৰ বহুকেইটা পদত দিয়া হ'ব নিযুক্তি !

author img

By

Published : May 7, 2020, 8:19 PM IST

বিশ্বনাথত অসম চৰকাৰৰ তিনি কেবিনেট মন্ত্ৰী আৰু জিলা প্ৰশাসনৰ বৈঠক । বৈঠকত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, ফণী ভূষণ চৌধুৰী আৰু ৰঞ্জিত দত্ত ৷ ছোৱাইন ফিভাৰৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গাহৰি পালক সকলৰ অৱস্থাৰ বুজ ল'লে কৃষিমনত্ৰী অতুল বৰাই ৷ তাৰোপৰি এই বিপৰ্য়স্ত সময়ত মন্ত্ৰীগৰাকীয়ে দিলে এটি আশা ব্যঞ্জক খবৰ ৷

several vacant post in agriculture department
several vacant post in agriculture department

বিশ্বনাথ, 7 মে' : অসম চৰকাৰৰ কৃষি-পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ অতিশীঘ্ৰে কৃষি বিভাগৰ বহুকেইটা পদত নিযুক্তি দিয়া হ'ব বুলি জনালে মন্ত্ৰীগৰাকীয়ে ৷ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰীয়ে কয় যে, কংগ্ৰেছ চৰকাৰৰ খেলি মেলিৰ বাবে অসমত নিযুক্ত দিব পৰা হোৱা নাছিল কৃষি বিভাগত ৷ পূৰ্বৰ নিযুক্তি সমূহত থকা আসোঁৱাহ সমূহ দূৰ কৰা হৈছে আৰু শীঘ্ৰে অসমত কৃষি বিভাগৰ অধীনত কৃষি উন্নয়ন বিষয়া, কৃষি সম্প্ৰসাৰণ সহায়কৰ পদত নিযুক্তিৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন বৈঠকত মিলিত হয় অসম কেবিনেটৰ তিনিমন্ত্ৰী অতুল বৰা, ফণী ভূষণ চৌধুৰী আৰু ৰঞ্জিত দত্ত ৷ বৈঠকত উপস্থিত থাকে গহপুৰৰ বিধায়ক উৎপল বৰা, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপৰিও জিলা উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, জিলাখনৰ আৰক্ষী অধীক্ষক, কৃষি বিষয়া, কৃষক আৰু পশুপালক ৷

এই বৈঠকত জিলাখনৰ খনৰ গাহৰি পালক সকলৰ সমস্যা সমূহ বুজ লয় মন্ত্ৰী অতুল বৰাই । শীঘ্ৰে গাহৰি পালন সকলৰ সমস্যা সমাধানৰ চিন্তা কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে । ছোৱাইন ফিভাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিবলৈ জিলা পশু চিকিৎসক সকলক আহ্বান জনায় মন্ত্ৰী অতুল বৰাই ।

খাদ্য সামগ্ৰী বাবে চিন্তা কৰিব নালাগে জনসাধাৰণে

সাংবাদিকৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অসমত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত দুৰ্নীতিৰ তদন্ত ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে ভুৱা কৃষক অথবা হিতাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্তক । আনহাতে, এই লক্ ডাউনৰ সময়ত অসমত শাক-পাচলি, ফল-মূলকে ধৰি প্ৰায় ৪০ কোটি টকা লোকচানৰ সন্মুখীন হ'ব লগা বুলি প্ৰকাশ কৰে কৃষি মন্ত্ৰীঅতুল বৰাই ।

শীঘ্ৰে কৃষি বিভাগৰ বহুকেইটা পদত দিয়া হ'ব নিযুক্তি !

উক্ত সংবাদ মেলতে লক্ ডাউনৰ সময়ত অসম তথা বিশ্বনাথ জিলাৰ জনসাধাৰণে খাদ্য সামগ্ৰী বাবে চিন্তা কৰিব নালাগে বুলি আশ্বাস দিয়ে খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে । লক্ ডাউনৰ বাবে সকলো খাদ্য সামগ্ৰী মজুত কৰি ৰখা হৈছে বুলি প্ৰকাশ কৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : কঙালী ভঁৰাল : একাংশ মহিলাৰ এটি ব্যতিক্ৰমী চিন্তা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.