শিক্ষক দিৱসৰ দিনাই ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল শিক্ষক

author img

By

Published : Sep 6, 2022, 6:37 PM IST

Updated : Sep 6, 2022, 7:06 PM IST

Bishwanath Police arrested accused school principal

শিক্ষক দিৱস দিনাই শিক্ষক সমাজক লজ্জিত কৰি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা অধ্যক্ষ পৰিল বিশ্বনাথ আৰক্ষী জালত (Bishwanath Police arrested accused school principal) ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত শিক্ষক প্ৰদীপ চাংমা ওৰফে প্ৰাণজিৎ চাংমা ।

বিহালী, ৬ ছেপ্টেম্বৰ : কেবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই অৱশেষত আৰক্ষীৰ জালত পৰিল শিক্ষক প্ৰদীপ চাংমা ওৰফে প্ৰাণজিৎ চাংমা (Bishwanath Police arrested accused school principal) । তথ্য অনুসৰি, অভিযুক্ত প্ৰদীপ চাংমা বিশ্বনাথৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ পাঁচলগীৰ হলি চাইল্ড ইংলিছ স্কুলৰ প্ৰধান শিক্ষক ৷

শিক্ষক দিৱস দিনাই ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল শিক্ষক

নিৰ্যাতিত এগৰাকী ছাত্ৰী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বিশ্বনাথ আৰক্ষী থানাৰ অন্তৰ্গত বালিচাং আৰক্ষী চকীয়ে মঙলবাৰে পুৱতি নিশা পশ্চিম কাৰ্বি আংলঙৰ হামৰেন সাতগাঁৱৰ পৰা কৰায়ত্ত কৰে অভিযুক্ত শিক্ষকগৰাকীক (Minor girls sexually assaulted by school principal) । তথ্য অনুসৰি, আৰক্ষীয়ে অভিযুক্ত শিক্ষকগৰাকীক ৮/১২ পস্ক’ (POSCO) আইনৰ অধীনত ১৪৫/২০২২ কেচ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ৷ বৰ্তমানো আৰক্ষীৰ জিম্মাতে আছে অভিযুক্ত প্ৰদীপ চাংমা ৷

উল্লেখ্য যে, শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষকৰ দ্বাৰা ছয়গৰাকীকৈ কণ কণ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছিল ৷ এই ঘটনাৰ ফলত উত্তপ্ত হৈ পৰিছিল বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ চেলাইকাঠিৰ পাঁচলগী অঞ্চলৰ হলী চাইল্ড ইংলিছ স্কুল ৷

লগতে পঢ়ক : বিজেপিৰ সদস্যক হানি খুচি নৃশংস হত্যা

জানিব পৰা মতে, আৱাসিক বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ মাৰাক চাংমাই বহু দিনৰ পৰাই বিদ্যালয়ৰ ছাত্ৰীনিৱাসত থকা ছাত্ৰীকেইগৰাকীক যৌন নিৰ্যাতন চলাই আহিছিল । বিগত শনিবাৰেও অভিযুক্ত অধ্যক্ষগৰাকীয়ে কেজি ওৱান আৰু তৃতীয় শ্ৰেণীৰ ৬ গৰাকীকৈ ছাত্ৰীক ছাত্ৰী নিৱাসৰ পৰা নিজৰ কোঠালৈ মাতি নিয়ে ।

এই সময়খিনিত ছাত্ৰী নিৱাসৰ কেয়াৰ টেকাৰৰ দায়িত্বত থকা মহিলা দুগৰাকীক ভাত ৰান্ধিবলৈ পঠিয়াই দিয়ে অভিযুক্ত অধ্যক্ষগৰাকীয়ে ৷ তাৰ পাচত অভিযুক্ত প্ৰদীপে ছাত্ৰীকেইগৰাকীক প্ৰথমে হাত আৰু ভৰি মালিচ কৰিবলৈ লগায় । ইয়াৰ পিছতে অধ্যক্ষ চাংমাই ছাত্ৰী কেইগৰাকীক যৌন নিৰ্যাতন চলায় ।

শিক্ষক দিৱসৰ দিনাই এই ঘটনা পোহৰলৈ অহাত স্থানীয় ৰাইজে বিদ্যালয়খন ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে । কিন্তু অতি চতুৰালিৰে অভিযুক্ত অধ্যক্ষগৰাকীয়ে সুবিধা বুজি সেই স্থানৰ পৰা পলায়ন কৰে । অভিযুক্ত অধ্যক্ষ প্ৰদীপ চাংমাৰ ঘৰ কাৰ্বি আংলং জিলাত বুলি জানিব পৰা গৈছে । ডেৰ বছৰ পূৰ্বে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল অভিযুক্ত প্ৰদীপ মাৰাক চাংমাই ।

ইফালে ছয়গৰাকী ছাত্ৰীৰ অভিভাৱকে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিচাং আউট পষ্টত এই সন্দৰ্ভত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ শীঘ্ৰে অভিযুক্ত শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অৱশেষত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত প্ৰদীপ চাংমা ওৰফে প্ৰাণজিৎ চাংমাক (School principal arrested for sexually assaulting girl students) ৷

লগতে পঢ়ক : চিনেমাৰ দৰে মাজ ৰাস্তাৰ পৰাই টকা লৈ উধাও হ’ল ডকাইত

Last Updated :Sep 6, 2022, 7:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.