বিজেপিৰ সদস্যক হানি খুচি নৃশংস হত্যা

author img

By

Published : Sep 5, 2022, 10:55 PM IST

বিজেপিৰ সদস্যক হানি খুচি নৃশংস হত্যা

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ইটখোলা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং ইটাখোলাৰ শান্তিপুৰ গাঁৱৰ এটা পুখুৰীত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ (BJP worker Brutal murder in Tezpur)৷

তেজপুৰ, ৫ ছেপ্টেম্বৰ : তেজপুৰৰ ইটাখোলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ডৰ ঘটনা (Murder case in Tezpur) ৷ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ইটখোলা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং ইটাখোলাৰ শান্তিপুৰ গাঁৱৰ এটা পুখুৰীত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থা উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ (BJP worker Brutal murder in Tezpur)৷

যুৱকজনক সোমবাৰে সন্ধিয়া কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হানি-খুচি পুখুৰীত হত্যা কৰি পেলাই থৈ যায় (Youth brutally killed) ৷ মৃত যুৱকজন গাঁওখনৰে বিজেপিৰ গাঁও সভাৰ সদস্য জানমনি বৰা (48) বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ মৃতদেহ পুখুৰীত প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱা-দুৱা লাগে ৷ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত জানমনিৰ ঘৰৰ লগতে আৰক্ষীক অৱগত কৰে ৷

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ইটাখোলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে সম্প্ৰতি যুৱকজনৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে ৷ ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গাঁৱৰ লোকসকলক সোধ-পোছ কৰে যদিও এই হত্যাকাণ্ডৰ লগত জড়িত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: ভাত ৰান্ধি নিদিয়াৰ বাবেই স্বামীয়ে গুৰিয়াই গুৰিয়াই হত্যা কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.