বিশ্বনাথ আৰক্ষীৰ জালত কুখ্যাত চোৰাং চিকাৰী জমিল হ'ক

author img

By

Published : Aug 30, 2021, 7:30 PM IST

rhino poachers arrested by biswanath police

কুখ্যাত চোৰাং চিকাৰী জমিল হ'কক আটক কৰিলে বিশ্বনাথ আৰক্ষীয়ে ৷ 2011 চনত বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাটত সংঘটিত গড়ঁ হত্যাৰ ঘটনাৰ সৈতে অভিযুক্ত আছিল জমিল হ'ক ৷

বিশ্বনাথ, 30 আগষ্ট : অৱশেষত বিশ্বনাথ আৰক্ষীৰ জালত পৰিল কুখ্যাত চোৰাং চিকাৰী জমিল হ'ক ৷ যোৱা 2011 চনত বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাটত সংঘটিত গড়ঁ হত্যাৰ ঘটনাৰ সৈতে অভিযুক্ত আছিল জমিল হ'ক ৷ দেওবাৰে নিশা এক গোপন সূত্ৰ পম খেদি জমিল হ'কক আটক কৰে বিশ্বনাথ আৰক্ষীয়ে ৷

বিশ্বনাথ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, 2011 চনৰ পৰাই পলাতক হৈ আছিল অভিযুক্ত জমিল হ'ক ৷ জমিলক আটক কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছিল বান বিভাগৰ লগতে বিশ্বনাথ আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীয়ে কোনো সন্ধান পোৱা নাছিল জমিলৰ ৷

বিশ্বনাথ আৰক্ষীৰ জালত কুখ্যাত চোৰাং চিকাৰী জমিল হ'ক

লগতে পঢ়ক: শৃংখল চলিহাক লগত লৈ দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ননী দেৱীৰ

অৱশেষত বিশ্বনাথ চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে দেওবাৰে গ্ৰেপ্তাৰ কৰে জমিল হ'কক ৷ ইফালে, আটকাধীন চোৰাং চিকাৰী হ'কক আন এটা চোৰাং চিকাৰৰ গোচৰ সন্দৰ্ভত চতিয়া থানালৈও লৈ যোৱা হয় বুলি জানিবলৈ দিছে বিশ্বনাথ আৰক্ষীয়ে আৰক্ষীয়ে ।

উল্লেখ্য যে, বন বিভাগৰ 2011 চনত বিশ্বনাথ চাৰিআলি থানাত ৫১ ডাব্লিউ এল পি এক্টৰ ধাৰাৰ অধীনত 316/2011 গোচৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জমিল হ'কক ৷ বৰ্তমান জমিল হ'কক জেৰা অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে ৷

লগতে পঢ়ক: গুৱাহাটীত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.