ETV Bharat / state

দীৰ্ঘদিনীয়া লক ডাউনৰ অন্তত আৰম্ভ বিশ্বনাথৰ চেম্পিয়ছ মেকাৰ একাডেমীৰ প্ৰশিক্ষণ

author img

By

Published : Aug 6, 2020, 1:48 PM IST

হৃদয়ানন্দ দাস
হৃদয়ানন্দ দাস

পুনৰ আৰম্ভ হ'ল বিশ্বনাথৰ চেম্পিয়চ মেকাৰ একাডেমীৰ সমৰ কলাৰ প্ৰশিক্ষণ ৷ সম্পূৰ্ণ স্বাস্থ্য বিধি ৰক্ষা কৰি প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক হৃদয়ানন্দ দাসে প্ৰশিক্ষাৰ্থী সকলৰ মাজত অব্যাহত ৰাখিছে অনুশীলন ৷

বিশ্বনাথ, 6 আগষ্ট: দীৰ্ঘদিনীয়া লক ডাউনৰ পাচত পুনৰ প্ৰশিক্ষণ আৰম্ভ হৈছে বিশ্বনাথৰ চেম্পিয়ছ মেকাৰ একাডেমীৰ প্ৰশিক্ষণ ৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ক্ৰীড়া প্ৰশিক্ষণ অনুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে বিশ্বনাথৰ চেম্পিয়ছ মেকাৰ একাডেমীৰ প্ৰশিক্ষক তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হৃদয়ানন্দ দাসে ৷ সদৌ অসম টাইকোৱানডো সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক হৃদয়ানন্দ দাসে,সম্পূৰ্ণ স্বাস্থ্য বিধি মানি প্ৰশিক্ষণ কেন্দ্ৰটোত অব্যাহত ৰাখিছে সমৰ কলাৰ প্ৰশিক্ষণ ৷

দীৰ্ঘদিনীয়া লক ডাউনৰ অন্তত আৰম্ভ বিশ্বনাথৰ চেম্পিয়ছ মেকাৰ একাডেমীৰ প্ৰশিক্ষণ

চাবোনেৰে হাত ধুই ছেনিটাইজ কৰাৰ পাচতহে একাডেমীত প্ৰৱেশৰ ব্যৱস্থা কৰিছে প্ৰশিক্ষাৰ্থী সকলৰ বাবে ৷ লগতে সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীয়ে ৷ প্ৰশিক্ষক গৰাকীয়ে উল্লেখ কৰা অনুসৰি,প্ৰশিক্ষণ কেন্দ্ৰটোৰ কেইবাগৰাকীও প্ৰশিক্ষাৰ্থী নিৰ্বাচিত হৈ আছিল আগন্তুক ভিন্ন প্ৰতিযোগিতাৰ বাবে ৷ কিন্তু লক ডাউনৰ বাবে তেওঁলোক বিৰত থাকিবলগীয়া হৈছিল প্ৰতিযোগিতা সমূহৰ পৰা ৷ যিয়ে চিন্তিত কৰি তুলিছিল প্ৰশিক্ষক গৰাকীক ৷ যাৰ বাবে চৰকাৰৰ পদক্ষেপক আদৰণি জনাই,তেওঁলোকে আগন্তুক দিনত কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি হ'লেও অনুশীলন চলাই যাব বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক হৃদয়ানন্দ দাসে ৷

লগতে পঢ়ক: এগৰাকী যুৱকৰ মহানুভৱতাই নতুন জীৱন দিলে ধেমাজিৰ এটা পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.