ETV Bharat / state

দক্ষিণ চতিয়াত পথৰ ওপৰত জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

author img

By

Published : Aug 3, 2021, 7:36 PM IST

দক্ষিণ চতিয়াৰ লক্ষ্মীনাথ বেজবৰুৱা পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত যাতায়াতৰ বাবে জলা-কলা খাবলগীয়া হৈছে ৰাইজে ৷ অতি শীঘ্ৰেই মেৰামতিৰ দাবীৰে সোমবাৰে পথটোৰ ওপৰত জাল মাৰি অভিনৱ প্ৰতিবাদ সাব্যস্থ কৰে স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে ৷

Public Protest Against Government For Poor Road Condition At Biswanath
দক্ষিণ চতিয়াত পথৰ ওপৰত জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

বিশ্বনাথ, 3 আগষ্ট: ভাৰত তথা অসম চৰকাৰে গ্ৰাম্য উন্নয়নৰ জৰিয়তেই অৰ্থনীতি সবল কৰিব বিচৰা অধিক সংখ্যক গাঁৱত প্ৰকৃততে এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা যায় ৷ বিশ্বনাথ জিলাৰ দক্ষিণ চতিয়াৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ দৃশ্য দেখিলে আপুনি সহজেই অনুমান কৰিব পাৰি যে দৰাচলতে চৰকাৰৰ কথা আৰু কামৰ মাজত কিমান পাৰ্থক্য আছে ৷ এই গুৰুত্বপূৰ্ণ পথৰ দুৰাৱস্থাই জলাকলা খোৱাইছে স্থানীয় ৰাইজক ৷

দক্ষিণ চতিয়াৰ লক্ষ্মীনাথ বেজবৰুৱা নামেৰে থকা এই পথছোৱাৰ আজিকোপতি নিৰ্মাণ নকৰিলে চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৷ ফলত সমগ্ৰ পথচোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে ৷ অতি শীঘ্ৰেই মেৰামতিৰ দাবীৰে মঙলবাৰে দক্ষিণ চতিয়াৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ ওপৰত জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজে ৷

দক্ষিণ চতিয়াত পথৰ ওপৰত জাল মাৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ

পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত এতিয়া যাতায়ৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷ বছৰ বছৰ ধৰি পথটো জৰাজীৰ্ণ অৱস্থা হৈছে যদিও মেৰামতি কৰিবলৈ কোনো কান সাৰ নাই বুলি ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ আৰু স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰী সকল।

লগতে পঢ়ক - ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ জটিলতা আঁতৰিল

সোমবাৰে অঞ্চলটোৰ কৰৈয়নী চেন্টাৰত জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মী আৰু স্থানীয় ৰাইজক। প্ৰতিবাদ কাৰী সকলৰ অভিযোগ, স্থানীয় বিধায়ক গৰাকীক বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ পাছতো পথটো মেৰামতিৰ বাবে কোনো গুৰুত্ব দিয়া নাই ৷

পথটো মেৰামতিৰ ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যদি শীঘ্ৰেই পথটো মেৰামতি নকৰে, তেনেহ'লে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

আনহাতে দক্ষিণ চতিয়াৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী লক্ষ্মীনাথ বেজবৰুৱা নামেৰে থকা এই পথটিৰ জৰাজীৰ্ণ অৱস্থাই পৰিৱৰ্তন কামী বিজেপি চৰকাৰখনৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। অৱশ্যে অনাগত দিনত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব উল্লেখনীয় বিষয় ৷

লগতে পঢ়ক- কৃষিবান্ধৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈয়ে ঠিকাদাৰে লুটিলে আৱন্টিত ধন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.