ETV Bharat / state

মোনাবাৰীত কাৰ্টনে কাৰ্টনে জব্দ অৰুণাচলী সুৰা

author img

By

Published : Dec 14, 2021, 10:45 PM IST

joint-operation-of-police-and-paramilitary-forces-against-illegal-arunchali-liquor-in-biswanath
সুৰাৰ অবৈধ ৰমৰমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ বিশ্বনাথ আৰক্ষী

বিশ্বনাথ আৰক্ষী আৰু অৰ্ধ সামাৰিক বাহিনীৰ অভিযানত বিহালী মোনাবাৰীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা(Police seized Arunachali liquor in Biswanath) । অবৈধ অৰুণাচলী সুৰা উদ্ধাৰৰ এই অভিযানৰ সবিশেষ জানো আহক ৷

বিশ্বনাথ ১৪ ডিচেম্বৰ : বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰা, জিনজীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে অৰ্ধ সামাৰিক বাহিনী C-30ৰ বিষয়া লুকু ৰঞ্জন নাথৰ অভিযানত বিহালী মোনাবাৰীত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা (Biswanath Police seized illegal liquor । দেওবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত মোনাবাৰী চাহ বাগিছাৰ(Munabari tea garden of Biswanath) পুৰণা লাইনৰ পৰা দুখনকৈ ঘৰৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ সুৰাখিনি(Illegal liquor seized) ।

মোনাবাৰীত অৰুণাচলী সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

অৱশ্যে, আৰক্ষীৰ অভিযানৰ সময়ছোৱাত দুয়োখন ঘৰৰ গৰাকী ক্ৰমে মুনু বৰ্মা আৰু বিজয় চৱালা পলায়ন কৰে ঘৰৰ পৰা । উল্লেখযোগ্য যে, যোৱা মাহত বিশ্বনাথ জিলা আৰক্ষীয়ে(Biswanth district police) জিলা খনৰ বিভিন্ন স্থানত অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে(Illegal Arunchali liquor seized)। আনহাতে সোমবাৰে সন্ধিয়া জব্দ কৰা সুৰা মুঠ ৯৭১ বটল বুলি আৰক্ষী তথ্যত প্ৰকাশ ।

লগতে পঢ়ক : চৰকাৰী মাটি দখল কৰাৰ অভিযোগত জেলত যাব লাগিব অখিল গগৈ : জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.