ETV Bharat / state

কংসৰ ৰূপত পদ্ম হাজৰিকা; বিজুলী বেগেৰে তৰোৱাল ঘূৰাবলৈ কালকেতুক নিৰ্দেশ

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 4:11 PM IST

Padma Hazarika plays the role of Kansa
Raas celebration in Assam

চতিয়াত ৰাস উপলক্ষে উখল-মাখল পৰিৱেশ ৷ কংসৰ ভাও দি মঞ্চ কঁপালে বিধায়ক পদ্ম হাজৰিকাই ৷ ৰাসৰ মঞ্চত দেখা গ’ল কংসৰূপী পদ্ম হাজৰিকাৰ তৰ্জন-গৰ্জন ৷

কংসৰ ৰূপত পদ্ম হাজৰিকা

বিশ্বনাথ, 27 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ৷ উজনি-নামনি সৰ্বত্ৰে ৰাস উপলক্ষে দেখা গৈছে উখল-মাখল পৰিৱেশ ৷ চতিয়া সমষ্টিৰ কছাৰী গাঁৱতো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ । এইবাৰ ৰাস মহোৎসৱত ব্যতিক্ৰমী ৰূপত দেখা গৈছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ।

চতিয়া কছাৰী গাঁৱৰ ৰাস মহোৎসৱত কংসৰ চৰিত্ৰত এইবাৰ অভিনয় কৰিলে বিধায়ক পদ্ম হাজৰিকাই । ৰাস পূৰ্ণিমাৰ নিশা কছাৰী গাঁৱৰ তিনিশ বছৰীয়া পুৰণি ৰাস মহোৎসৱত কংসৰূপী বিধায়ক পদ্ম হাজৰিকাৰ তৰ্জন-গৰ্জনত কঁপি উঠিল ৰংগমঞ্চ । সুন্দৰ অভিনয়ৰে উপস্থিত হাজাৰ হাজাৰ দৰ্শকক আপ্লুত কৰে চতিয়াৰ বিধায়কগৰাকীয়ে ।

সুদীৰ্ঘ বিশ বছৰৰ মূৰত পুনৰ ৰাস মহোৎসৱত কংসৰ চৰিত্ৰত অভিনয় কৰা বুলি জনায় বিধায়কগৰাকীয়ে । উল্লেখ্য যে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই শুভ উদ্বোধন কৰা ৰাস মহোৎসৱখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ।

ৰাস বুলিলে সাধাৰণতে পৰম্পৰাগতভাৱে মানুহৰ দ্বাৰা অভিনীত ৰাস উজনি আৰু মধ্য অসমত জনপ্ৰিয় ৷ নামনি অসমৰ নলবাৰী, বৰপেটা, হাউলী, বঙাইগাঁও, দৰং আদিত মৃন্ময় মূৰ্তিৰ ৰাসমেলা দেখা যায় ৷

বিশেষকৈ মাজুলী, বিশ্বনাথ চাৰিআলি, নগাঁও, গোলাঘাট, যোৰহাট আদিকে ধৰি বিভিন্ন ঠাইত কেলি গোপাল ভাওনা প্ৰদৰ্শনকে ধৰি ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান, ভিন ভিন প্ৰতিযোগিতা আদিৰে ৰাস উৎসৱ উদযাপন কৰা হয় । নামনি অসমত মৃন্ময় মূৰ্তি প্ৰদৰ্শন, থিয়েটাৰ, মীনা বজাৰ আদিৰে ৰাস উদযাপন কৰা হয় ৷ সত্ৰপীঠ মাজুলীত অনুষ্ঠিত ৰাস চাবলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা লোকৰ আগমন ঘটাৰ সমান্তৰালকৈ বহু দেশী-বিদেশী পৰ্যটকেও ভিৰ কৰা দেখা যায় ৷

লগতে পঢ়ক: দ্বিতীয় বৃন্দাবনলৈ পৰ্যবসিত মাজুলীৰ দক্ষিণপাট সত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.