ETV Bharat / state

গহপুৰত দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে গীৰ্জাৰ চৌহদ

author img

By

Published : Dec 26, 2021, 12:37 PM IST

পবিত্র বৰদিনৰ দিনাই গহপুৰৰ গীৰ্জাৰ চৌহদত অচিনাক্ত দুৰ্বৃত্তৰ প্ৰৱেশ ৷ দুৰ্বৃত্তই ভগৱান যীশুৰ মূৰ্তি ভাঙি পেলোৱাৰ লগতে অন্যান্য সা-সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰে (Miscreant vandalized properties of a church) ৷

saint-john-convent-gohpur-church-vandalised-by-miscreants
বৰদিনৰ দিনাই গহপুৰত গীৰ্জাৰ ঘৰ লণ্ড ভণ্ড কৰে অচিনাক্ত দুৰ্বৃত্তই

বিশ্বনাথ, 26 ডিচেম্বৰ : শনিবাৰে সমগ্ৰ বিশ্বৰ লগতে অসমতো অতি উলহ-মালহেৰে পালন কৰা হ'ল পবিত্ৰ বৰদিন (Christmas celebration in Assam) ৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে বিশ্বনাথৰ বিভিন্ন স্থানতো দেখা যায় বৰদিনক লৈ উখল-মাখল পৰিৱেশ । তাৰ মাজতে গহপুৰত ঘটে এক অপ্ৰীতিকৰ ঘটনা ৷

বৰদিনাৰ নিশা বিশ্বনাথৰ গহপুৰ সমষ্টিৰ কনিবড়িস্থিত ছেইণ্ট জনছ কনভেণ্ট নামৰ গীৰ্জটোৰ চৌহদত কোনো অচিনাক্ত দুৰ্বৃত্তই প্ৰৱেশ কৰি সামগ্ৰীসমূহ লণ্ড-ভণ্ড কৰে (Miscreant vandalized properties of a church)।

আনকি গীৰ্জাটোত থকা ভগৱান যীশুৰ মূৰ্তিৰো বিনষ্ট সাধন কৰে দুৰ্বৃত্তই ৷ তদুপৰি গীৰ্জাৰ চৌহদত কেতবোৰ পৰিৱেশ বিনষ্টকাৰী সামগ্ৰী পেলাই থৈ যায় ৷

পবিত্ৰ বৰদিনাৰ দিনাই সংঘটিত এনে ঘটনাই জিলাখনৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বৰ্তমানলৈকে এই ঘটনাৰ ৰহস্য ফাদিল হোৱা নাই ৷

লগতে পঢ়ক : Christmas 2021 celebration : ৰাজ্যজুৰি উলহ-মালহেৰে পালন বৰদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.