ETV Bharat / state

Badruddin Ajmal Controversy : বদৰুদ্দিন আজমলৰ পৰকতি লৰিছে: পীযুষ হাজৰিকা

author img

By

Published : Dec 3, 2022, 8:08 PM IST

Biswanath
Biswanath

বদৰুদ্দিন আজমলৰ পৰকতি লৰিছে । মানসিক অৱস্থাৰ অৱনতি ঘটিছে আজমলৰ । বিশ্বনাথত এই বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ (Pijush Hazarika reacted on Ajmal Comments) ।

বিশ্বনাথ, ৩ ডিচেম্বৰ : সম্প্ৰতি ৰাজ্য তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চৰ্চাত আছে সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল (Badruddin Ajmal Controversy) । তেওঁৰ এক বিতৰ্কিত মন্তব্যই তোলপাৰ লগাই আছে দেশৰ ৰাজনীতি । এক তীব্ৰ সাম্প্ৰদায়িক আৰু প্ৰৰোচনামূলক মন্তব্যৰ বাবে সৰ্বত্ৰে সমালোচনাৰ পাত্ৰ হৈছে বদৰুদ্দিন আজমল (Badruddin Ajmal controversial comments) ।

পৰকতি লৰিছে আজমলৰ: পীযুষ হাজৰিকা

ইতিমধ্যে বদৰুদ্দিন আজমলৰ উক্ত বিদ্বেষপূৰ্ণ মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে বিভিন্ন দল-সংগঠন তথা ৰাজনৈতিক আৰু সামাজিক ব্যক্তিত্বই (Badruddin Ajmal communal comments) । এইবাৰ সকলোৰে ওপৰত এখোপ চৰি মন্তব্য আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰিকাই ।

"সাংসদ বদৰুদ্দিন আজমলে অতি বেয়া কৰিছে । মই তেওঁৰ মন্তব্যৰ ধিক্কাৰ জনাইছোঁ (AIUDF chief Badruddin Ajmal) ৷ হিন্দু সমাজক যাতে বেয়া ব্যৱহাৰ নকৰে তাৰ বাবে মই সকীয়াই দিছোঁ আজমলক । তেওঁলোক মৰক, তেওঁলোকে কাটক, তেওঁলোকে নিজৰ মাজতে ধৰ্ষণকাৰী সজাওক, যুদ্ধ কৰক- আমাৰ আপত্তি নাই ৷ কিন্তু যিখিনি মানুহ ভাৰতবৰ্ষত ভালকৈ আছে তেওঁলোকৰ মাজত যাতে বিষবাষ্প বিয়পাই নিদিয়ে তাৰ বাবে এনে কথা পুনৰ নক'বলৈ আহ্বান জনাইছোঁ ।"

শনিবাৰে বিশ্বনাথত তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সাংসদ বদৰুদ্দিন আজমলক সকীয়নি প্ৰদান কৰি এনেদৰে কয় (Pijush Hazarika reacted on Ajmal Comments) । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বদৰুদ্দিন আজমলৰ পৰকতি লৰিছে, তেওঁৰ মানসিক অৱস্থাৰ অৱনতি ঘটা যেন অনুভৱ হৈছে । লগতে মন্ত্ৰী হাজৰিকাই কয় যে হিন্দুৱে মুছলমানৰ পৰা একো শিকিবলগীয়া নাই ৷ মুছলমান মানে দহ-বিছটা সন্তান জন্ম দিয়া এটা ফেক্টৰী ৷

মুছলমান ব্যক্তি মানেই হৈছে ৫০ শতাংশই চাৰিজনী বিয়া কৰোৱা আৰু ১০-১৫ টা সন্তান জন্ম দিয়া লোক ৷ মহিলাসকলক সন্তান জন্ম দিয়া ফেক্টৰীলৈ ৰূপান্তৰ কৰে, যাৰ ফলত মছলমান মহিলাসকলৰ সমাজত স্থান নাই ৷ আনকি মুখখনো দেখুৱাৱ নোৱাৰে বুলি দাবী কৰে পীযুষ হাজৰিকাই ৷ তেনে সমাজ ব্যৱস্থা আমাক নালাগে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুছলমান সমাজতো ভাৰতীয় পৰম্পৰা মানি চলা মানুহ আছে । সেইখিনি আমাৰ লগত থাকিব ৷

বাকী মানুহখিনিক লৈ আজমল ডাঙৰীয়া থাকক আমাৰ তাত আপত্তি নাই ৷ উল্লেখযোগ্য যে শনিবাৰে বিশ্বনাথ চাৰিআলিত জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই এই মন্তব্য কৰে ।

লগতে পঢ়ক :Badaruddin Ajmal controversial comments on Hindu: সাংসদ আজমল ৰাজনৈতিক সন্ত্রাসবাদী :জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.