ETV Bharat / state

বিশ্বনাথত কাঠফুলা খেতিৰে স্বাৱলম্বী যুৱক

author img

By

Published : Nov 20, 2019, 11:35 PM IST

বিশ্বনাথৰ তিনিখুটি গাঁৱৰ মনোৰঞ্জন পৰাজুলি নামৰ যুৱকজনে এটা পঁজাঘৰৰ ভিতৰতে নিজাববীয়াকৈ কৰিছে কাঠফুলাৰ খেতি ৷ ২০১৮ চনতে মনোৰঞ্জন পৰাজুলি নামৰ যুৱকজনে কৃষি বিভাগৰ লগত যোগাযোগ কৰি এই কাঠফুলা খেতি আৰম্ভ কৰিছিল ৷

বিশ্বনাথত কাঠফুলা খেতিৰে স্বাৱলম্বী যুৱক

বিশ্বনাথ, 20 নৱেম্বৰঃ কাঠফুলা খেতিৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বিশ্বনাথৰ এজন যুৱকে ৷ বিশ্বনাথৰ তিনিখুটি গাঁৱৰ মনোৰঞ্জন পৰাজুলি নামৰ যুৱকজনে এটা পঁজাঘৰৰ ভিতৰতে নিজাববীয়াকৈ কৰিছে কাঠফুলাৰ খেতি ৷ ২০১৮ চনতে মনোৰঞ্জন পৰাজুলি নামৰ যুৱকজনে কৃষি বিভাগৰ লগত যোগাযোগ কৰি এই কাঠফুলা খেতি আৰম্ভ কৰিছিল ৷ বিশেষকৈ ধান খেৰৰ জৰিয়তে কৰা এই খেতি পুৰঠ হ’বলৈ প্ৰয়োজন ২০ পৰা ২২ দিন ৷ এই কাঠফুলা সমূহৰ বৰ্তমান বজাৰ মূল্য প্ৰতি কেজিত প্ৰায় ২০০ টকাৰো অধিক ৷ এই খেতিৰ জৰিয়তে ইতিমধ্যে তেখেতে লাভান্বিত হ’বলৈ সক্ষম হৈছে ৷ এনেদৰেই এক অনন্য স্বাৱলম্বিতাৰ পথ বাচি লোৱা মনোৰঞ্জন পৰাজুলি হৈ পৰিছে বহু যুৱকৰ বাবে আদৰ্শ ৷

কাঠফুলা খেতিৰে স্বাৱলম্বী যুৱক
Intro:বিশ্বনাথত কাঠ ফুলা খেতিৰ জৰিয়তে যুৱকৰ স্বাৱলম্বী


Body:বিশ্বনাথত কাঠ ফুলা খেতিৰ জৰিয়তে যুৱকৰ স্বাৱলম্বী


Conclusion:

এটি বিশেষ প্ৰজা ঘৰ
এই প্ৰজা ঘৰটোৱেই হৈছে এটা পৰিয়ালৰ স্বাৱলম্বীৰ পথ

কিনো আছে
এই বিশেষ প্ৰজা ঘৰটোত
চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ,,,----

বিশ্বনাথৰ তিনিখুটি গাঁৱৰ মনোৰঞ্জন পৰাজুলি নামৰ যুৱক জনে এই প্ৰজা ঘৰটোৰ ভিতৰতে নিজাববিয়াকৈ
কাঠফুলা খেতিৰ জৰিয়তে স্বাৱলম্বীৰ পথ দেখাবলৈ সক্ষম হৈছে ।
নিজেও স্বাৱলম্বী
হোৱাৰ লগতে আনকো স্বাৱলম্বী পথ দেখুৱাই এক প্ৰসংশা লবলৈ সক্ষমহৈছে ।

উল্লেখযোগ্য যে যোৱা ২০১৮ চনতে মনোৰঞ্জন পৰাজুলি নামৰ
যুৱক জনে কৃষি বিভাগৰ লগত যোগাযোগ কৰি এই কাঠফুলা খেতি আৰম্ভ কৰি বহুত লাভাম্বিত হৈছো বুলি প্ৰকাশ কৰে ।

বিশেষকৈ
এই খেতি ধান খেৰৰ জৰিয়তে কৰা হয়। আৰু এই খেতি
পুৰথ হ'বলৈ ২০ পৰা ২২ দিন সময় লাগে বুলি যুৱক জনে জনাই । ইফালে এই কাঠফুলা
বৰ্তমান এই বজাৰৰ মূল্য প্ৰায় ২০০ টকাৰো অধিক বুলি কয় ।


বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.