ETV Bharat / state

বিশ্বনাথত আবকাৰী বিভাগে নষ্ট কৰিলে ২৫০ লিটাৰৰো অধিক চুলাই

author img

By

Published : Nov 2, 2021, 1:18 PM IST

Illicit liquor destroyed at Biswanath
বিশ্বনাথত আবকাৰী বিভাগৰ অভিযানত চুলাই ঘাটি উৎখাত

বিশ্বনাথত অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান অব্যাহত । বিহালীৰ বিভিন্ন অঞ্চলত অভিযান চলাই আবকাৰী বিভাগে উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি । লগতে অভিযানকাৰী দলটোৱে নষ্ট কৰে ২৫০ লিটাৰৰো অধিক চুলাই ।

বিশ্বনাথ, ১ নৱেম্বৰ : অস্বাস্থ্যকৰ পৰিৱেশত অবৈধভাৱে সুৰা প্ৰস্তুত কৰি একাংশ অসাধু লোকে মানুহৰ স্বাস্থ্যৰ সৈতে হেতালি খেলি আহিছে । এই অবৈধ বেহা বন্ধ কৰাৰ বাবে প্ৰশাসনে বাৰম্বাৰ নিৰ্দেশ দিয়াৰ পাচতো কোনো কাণসাৰ নিদিয়ে এই লোকসকলে । সোমবাৰে বিশ্বনাথ জিলা প্ৰশাসনৰ নিৰ্দেশত বিশ্বনাথ মহকুমা আবকাৰী বিভাগে অবৈধ দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ।

Illicit liquor destroyed at Biswanath
বিশ্বনাথত আবকাৰী বিভাগৰ অভিযানত চুলাই ঘাটি উৎখাত

বিশ্বনাথ মহকুমা আবকাৰী উপ-অধীক্ষক দ্বীপেন বৰা, মহকুমা পৰিদৰ্শক শৰৎ তিমুঙৰ নেতৃত্বত বিভাগীয় বিষয়াৰ দলে বিহালীৰ বিভিন্ন অঞ্চলত অভিযান চলায় । এই অভিযানত প্ৰায় ২৫০ লিটাৰ চুলাই পাচ নষ্ট কৰাৰ লগতে বহু কেইটা চুলাই ঘাটি উৎখাত কৰে অভিযানকাৰী দলটোৱে । আনহাতে, উক্ত দিনাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সুৰা কঢ়িয়াই নিয়া কেইবাখনো বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰে আবকাৰী বিভাগে ।

Illicit liquor destroyed at Biswanath
বিশ্বনাথত আবকাৰী বিভাগৰ অভিযানত চুলাই ঘাটি উৎখাত

বিগত কিছু দিন ধৰি জিলাখনত অবৈধ অৰুণাচলী সুৰা আৰু চুলাইৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । আনহাতে, চুলাইৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলি অসাধু ব্যৱসাায়ীক সকীয়াই দিয়ে আবকাৰী বিষয়া শৰৎ তিমুঙে ।

Illicit liquor destroyed at Biswanath
বিশ্বনাথত আবকাৰী বিভাগৰ অভিযানত চুলাই ঘাটি উৎখাত

উল্লেখ্য যে, বৰ্তমান প্ৰশাসনে অবৈধ দেশীয় সুৰা, আন নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । জিলাখনত ইয়াৰ পূৰ্বেও অবৈধ সুৰাৰ বেহা চলি থকাৰ কথা পোহৰলৈ আহিছিল । সময়ে সময়ে এনে লোকৰ বিৰুদ্ধে অভিযান চলাই আহিছে বিভাগটোৱে ।

লগতে পঢ়ক:খেল খেলি অভিজ্ঞতা হৈছে, এইবাৰো জয় বিজেপিৰ : ফণীধৰ তালুকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.