ETV Bharat / state

কৰ’ণাৰ ত্ৰাস: গহপুৰত ঘৰে ঘৰে ঈদৰ নামাজ

author img

By

Published : May 15, 2021, 7:05 AM IST

gohpur-eid-celebration-news
কৰ’ণাৰ ত্ৰাস: গহপুৰত ঘৰে ঘৰে আদায় ঈদৰ নামাজ

পূৰ্বতে উখল-মাখল পৰিৱেশে বিৰাজ কৰা গহপুৰৰ জামে মছজিদত নাই কোনো লোকৰ সমাগম । কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে চৰকাৰী নিৰ্দেশনা মানি সকলোৱে উদযাপন কৰে ঈদ ।

বিশ্বনাথ,15 মে': শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে পবিত্ৰ উৎসৱ ঈদ ঊল ফিতৰ । কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে চৰকাৰী নিৰ্দেশনা মানি সকলোৱে উদযাপন কৰে ঈদ ।

গহপুৰত ঘৰে ঘৰে আদায় ঈদৰ নামাজ

গহপুৰৰ জামে মছজিদত শুকুৰবাৰে দেখা পোৱা গ’ল নিমাওমাও পৰিৱেশ । ঈদৰ দিনটোত মছজিদখনত দেখা পোৱা নগ’ল কোনো বিশেষ আয়োজন । গহপুৰ বৰিগাঁৱৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকে ক'ভিড প্ৰট’কল মানি মছজিদৰ পৰিৰ্ৱতে ঘৰে ঘৰে আদায় কৰে ঈদৰ নামাজ ।

লগতে পঢ়ক: ক'ভিডকালত এখন এখনকৈ বন্ধ হৈছে চাহ বাগিচা: ৩৫ শতাংশলৈ বিক্ৰী হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.