ETV Bharat / state

Cattle Theft Incidents: সাৱধান: বিশ্বনাথত বিলাসী বাহনত ঘূৰিছে গৰু চোৰ

author img

By

Published : Jul 29, 2022, 2:25 PM IST

আপোনাৰ ঘৰত গৰু আছে নেকি ? যদি আছে তেনেহলে সাৱধান হওক ৷ কাৰণ আপোনাৰ সন্মুখতে বিলাসী বাহনত টিঘিলঘিলাই থাকিব পাৰে গৰু চোৰ ৷ এতিয়া কায়দা সলনি হৈছে গৰু চোৰৰ ৷ এইবাৰ বিশ্বনাথত সংঘটিত গৰু চুৰিকাণ্ড (Cattle theft incidents in Biswanath) ৷

gang-used-to-use-luxury-car-to-steal-cattle-in-biswanath
সাৱধান: বিশ্বনাথত বিলাসী বাহনত ঘূৰিছে গৰু চোৰ

বিশ্বনাথ, ২৯ জুলাই: সাৱধান ! আপুনি বাৰু গৰু পুহে নেকি ? যদি পুহে তেন্তে সাৱধান হওক৷ কিয়নো চৰকাৰে গো-সুৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে ঠিকেই; তাৰ মাজতেই ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰিৰ ঘটনা (Incidence of cattle theft on the rise in Assam) ৷ এইবাৰ বিলাসী বাহনেৰে গৰু সৰবৰাহৰ নতুন কৌশল উলিয়ালে দুষ্টচক্ৰই ৷

ঘটনা অনুসৰি, গহপুৰৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পূৱ বৰঙাবাৰীৰ জিতেন শইকীয়া নামৰ লোকজনৰ ঘৰৰ পৰা পুৱতি নিশা এজনী গাইগৰু চাফাৰী গাড়ীত উঠাই লৈ উধাও হয় চোৰৰ এটা দলে (Cattle theft incidents in Biswanath) ৷ চুৰি কাণ্ডত সহযোগ কৰে আন এখন বিলাসী বাহনে (Gang used to use luxury car to steal cattle in Biswanath)। এইদৰে ১৫ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত চোৰে বিলাসী বাহনত গৰু উঠাই চুৰিকাণ্ড সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰিছে বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ৷

সাৱধান: বিশ্বনাথত বিলাসী বাহনত ঘূৰিছে গৰু চোৰ

আনহাতে এই গৰু চুৰি ঘটনাটো সৌভাগ্যক্ৰমে নিকটৱৰ্তী এখন ব্যৱসায়ীক প্ৰতিস্থানত থকা চি চি কেমেৰাত বন্দী হয় ৷ ইতিমধ্যে এই সন্দৰ্ভত ভুক্তভোগী জিতেন শইকীয়াই ঘাঁহিগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ পিছে আৰক্ষীয়ে চি চি টিভিত চুৰিকাণ্ডৰ দৃশ্য থকাৰ পাছতো বিশেষ কোনো তৎপৰতা প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালটোৱে (Allegation against Ghahigaon Police) ৷

লগতে পঢ়ক: Sexual harassment case: প্ৰধান শিক্ষকৰ কামনাৰ বলি কণমানি ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.