ETV Bharat / state

Government law college in Sootea: ক্ষীপ্ৰতাৰে আগবাঢ়িছে চতিয়াত স্থাপন হ’ব লগা চৰকাৰী আইন মহাবিদ্যালয় নিৰ্মাণৰ কাম

author img

By

Published : Aug 6, 2022, 1:58 PM IST

Government Law College to be established in Sootea
ক্ষীপ্ৰতাৰে আগবাঢ়িছে চতিয়াত স্থাপন হ’ব লগা চৰকাৰী আইন মহাবিদ্যালয় নিৰ্মাণৰ কাম

চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকঘাটত স্থাপন হ’ব লগা চৰকাৰী আইন মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম ইতিমধ্যে ক্ষীপ্ৰতাৰে আগবাঢ়িছে (Government law college in Sootea) । ৰাজ্যৰ বিভিন্ন জিলাত অনুমোদিত দহখনৰ এখন হৈছে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকীঘাটত স্থাপন হ’ব লগা চৰকাৰী আইন মহাবিদ্যালয় ৷

চতিয়া, 6 আগষ্ট: ৰাজ্যৰ বিভিন্ন জিলাত অনুমোদিত দহখনৰ এখন হৈছে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ চকীঘাটত স্থাপন হ’ব লগা চৰকাৰী আইন মহাবিদ্যালয় (Government law college in Sootea) ৷ এই চৰকাৰী আইন মহাবিদ্যালয়খনত নিৰ্মাণৰ কাম ইতিমধ্যে ক্ষীপ্ৰতাৰে আগবাঢ়িছে ৷ অতিশীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব আইন মহাবিদ্যালয়খনৰ কাম ৷

উল্লেখ্য যে, চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ প্ৰচেষ্টাত স্থাপন হ’বলগীয়া এই নিৰ্মিয়মান আইন মহাবিদ্যালয়খনে সমষ্টিটোৰ নতুন প্ৰজন্মক আইন শিক্ষাত যথেষ্ঠখিনি সহায় কৰিব ৷ মন কৰিবলগীয়া যে, বিগত বৰ্ষত চতিয়া সমষ্টিৰ চকীঘাটত পদ্ম হাজৰিকাৰ তৎৰপৰতাত ৰাজ্য চৰকাৰে সন্দেহজনক একাংশ নাগৰিকক উচ্ছেদ কৰি বেআইনীভাবে দখল কৰি থকা কেবাশ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল ৷

ক্ষীপ্ৰতাৰে আগবাঢ়িছে চতিয়াত স্থাপন হ’ব লগা চৰকাৰী আইন মহাবিদ্যালয় নিৰ্মাণৰ কাম

সেই মাটিৰেই প্ৰায় এশবিঘা মাটিত বিধায়ক পদ্ম হাজৰিকাই বিশেষ তৎপৰতাৰে ৰাজ্য চৰকাৰক উক্ত স্থানত এখন চৰকাৰী আইন মহাবিদ্যালয় স্থাপনৰ আহ্বান জনাইছিল ৷ আনহাতে 2021 বৰ্ষত কেন্দ্ৰীয় চৰকাৰে অসমলৈ দহখন চৰকাৰী আইন মহাবিদ্যালয়ৰ আৱন্টন দিছিল ৷ তাৰ ভিতৰত প্ৰথমতেই ভাল খবৰটো লাভ কৰিছিল চতিয়াবাসীয়ে ৷ কিয়নো সেই দহখন মহাবিদ্যালয়ৰ ভিতৰৰ প্ৰথমখনেই আছিল জামুগুৰিহাটৰ চকিঘাটত স্থাপন কৰা প্ৰথমখন আইন মহাবিদ্যালয় ৷

মন কৰিবলগীয়া যে, এসময়ত এচাম সন্দেহযুক্ত নাগৰিকে যি স্থানত অবৈধভাবে বসতি কৰি বিভিন্ন অসামাজিক কাৰ্য চলাই আহিছিল, সেই স্থানত আজি এখন চৰকাৰী আইন মহাবিদ্যালয় স্থাপন হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ বিধায়কগৰাকীৰ প্ৰচেষ্টাত এই আইন মহাবিদ্যালয়ৰ দ্বাৰা স্থানীয় দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলো আইন শিক্ষাৰ দিশত যথেষ্ট উপকৃত হ’ব বুলি উল্লেখ কৰি বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Food poisoning in Majuli: মাজুলীত প্ৰসাদ খাই আক্ৰান্ত ১৩ গৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.